গৌৰৱ গগৈ

‘গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে’; মুখ্যমন্ত্ৰীৰ তীক্ষ্ণ সমালোচনা

গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে।এখন সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সংসদৰ পিছত অসমলৈ আহি অমিত শ্বাহে গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি মন্তব্য কৰে। যদি পাকিস্তানৰে সাংসদ গৰাকীৰ কোনো সম্পৰ্ক

গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  বিস্ফোৰক মন্তব্য কৰিছে।এখন সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সংসদৰ পিছত অসমলৈ আহি অমিত শ্বাহে গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি মন্তব্য কৰে।

যদি পাকিস্তানৰে সাংসদ গৰাকীৰ কোনো সম্পৰ্ক নাই, তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল ? সাংসদ গৰাকীৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন।

যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে তেওঁৰ বিৰুদ্ধে অভিযোগ দিব পাৰে।কিন্তু সংসদত কোনেও বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে।

আনকি অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথাই ক’লে। কিন্তু তাৰ পিছতো তেওঁ মৌন হৈ আছে। গতিকে ইয়াৰ পৰা সকলোৱে উমান কৰিব পাৰে বিষয়টো কিমান গাম্ভীৰ্যপূৰ্ণ।

তেওঁলোকে ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল। কিন্তু সংসদৰ বাহিৰে-ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চয় জটিলতা আছে আৰু অসমৰ ৰাইজে  এতিয়া এই বিষয়ে বুজি পাইছে।

লগতে পঢ়ক: ‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’; মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ