অৱসৰৰ পিছত চেতেশ্বৰ পূজাৰাৰ প্ৰতিক্ৰিয়া
ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি বেটছমেন চেতেশ্বৰ পূজাৰাই ২৪ আগষ্টত ক্ৰিকেতৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
বিদায় লোৱাৰ পিছত এটা সাক্ষাৎকাৰত ৩৭ বছৰীয়া পূজাৰাই অৱসৰ লোৱাৰ বাবে কোনো আক্ষেপ নাই বুলি কয়। পূজাৰাৰ মতে এয়া তেওঁৰ বাবে গৌৰৱৰ মুহূৰ্ত কাৰণ তেওঁৰ দেশৰ হৈ খেলাৰ সপোন পূৰণ হৈছে।
চেতেশ্বৰ পূজাৰাই কয়, ‘মই এই বিষয়ে বিশেষ চিন্তা কৰা নাছিলো, কিন্তু যোৱা এসপ্তাহ ধৰি এই বিষয়ে চিন্তা কৰি আছিলো। মই অনুভৱ কৰিলোঁ যে এইটোৱেই সঠিক সময়’।
‘আজি যেতিয়া মই এই সিদ্ধান্ত লৈছিলো তেতিয়া মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত আছিল। মোৰ সতীৰ্থ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো’।
‘ ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰাটো এটা গৌৰৱৰ মুহূৰ্ত আছিল। সৰুতে ভাৰতীয় দলৰ হৈ খেলাৰ সপোন দেখিছিলো। এই সপোন বাস্তৱায়িত হ’ল আৰু মই ইমান বছৰ ধৰি এই জাৰ্চি পিন্ধি আছিলো।’
তেওঁ আৰু কয় যে, ‘আমি একেলগে যেনেদৰে খেলিছিলো সেয়া যথেষ্ট স্মৰণীয়। সেই সময়ছোৱাত দলটোৰ প্ৰদৰ্শনো আছিল উৎকৃষ্ট। আহি থকা যুৱ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে’।
‘ ভৱিষ্যতেও যুৱ খেলুৱৈসকলে তিনিওটা ফৰ্মেটতে হেঁচা চম্ভালিব পাৰিব বুলি আশা কৰা হৈছে। আই পি এলৰ বাবেই বহু খেলুৱৈয়ে বগা বল ক্ৰিকেটলৈ আহি আছে, তেওঁলোকে টেষ্টতো ভাল প্ৰদৰ্শন কৰিছে’।
‘ সেয়েহে ভৱিষ্যতো ভাল হাতত আছে। আশা কৰো ভাৰতীয় দলৰ প্ৰদৰ্শন সদায় একেই থাকিব।এই সময়ছোৱাৰ বহু স্মৰণীয় মুহূৰ্ত জীৱনলৈ থাকি যাব’।
লগতে পঢ়ক:ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ;আৱেগিক পোষ্ট দি কৰিলে ঘোষণা