নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিৰ নাম

নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিৰ নাম… নিৰ্মাতাই মুকলি কৰিলে প্ৰমো

নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিসকলৰ নাম বিগ বছ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় শ্ব’ । শীঘ্ৰেই এই শ্ব’টোৱে টিভি আৰু অ’টিটি প্লেটফৰ্মতো টোকৰ মাৰিব । ছলমান খানক হোষ্ট হিচাপে দেখা যাব যদিও শ্ব’টোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠা দেখা গৈছে । ইফালে,

নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিসকলৰ নাম

বিগ বছ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় শ্ব’ । শীঘ্ৰেই এই শ্ব’টোৱে টিভি আৰু অ’টিটি প্লেটফৰ্মতো টোকৰ মাৰিব । ছলমান খানক হোষ্ট হিচাপে দেখা যাব যদিও শ্ব’টোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠা দেখা গৈছে । ইফালে, শ্ব’টোৰ নিৰ্মাতাসকলে প্ৰায় ৪ জন প্ৰতিযোগীক নিশ্চিত কৰিছে । আচলতে ছ’চিয়েল মিডিয়াত মেকাৰসকলে ২টা প্ৰমো মুকলি কৰিছে, য’ত ৪জন প্ৰতিযোগীৰ নাম প্ৰকাশ পাইছে ।

২৪ আগষ্টত প্ৰিমিয়াৰ হ’ব বিগ বছৰ । এই শ্ব’টোৰ বাবে অনুৰাগীয়ে বহুদিনৰ পৰা অপেক্ষা কৰি আছে । শ্ব’ আৰম্ভ হোৱাৰ আগতেই অনুৰাগীয়ে বিগ বছ হাউচৰ অতিথিসকলৰ নাম অনুমান কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু, কোনো নাম প্ৰকাশ কৰা নাছিল নিৰ্মাতাসকলে । অৱশ্যে এতিয়া শ্ব’টোৰ তিনিটা প্ৰমো মুকলি হৈছে, য’ত আৱাজ দৰবাৰ, নাগমা মিৰাজকাৰ, অমল মালিক, গৌৰৱ খান্নাৰ দৰে শিল্পীৰ নাম ওলাইছে ।

যদিও মেকাৰসকলে প্ৰমোটোত কাৰো মুখ প্ৰকাশ কৰা নাই, কিন্তু চেহেৰাৰ বাবে এই নামবোৰ অনুমান কৰাটো একেবাৰেই কঠিন নাছিল ।

প্ৰমোটোত প্ৰথম নাম আহে আৱাজ দৰবাৰ আৰু নাগমা মিৰাজকাৰৰ । দুয়োজনে ছ’চিয়েল মিডিয়াত নিজৰ এক ডাঙৰ পৰিচয় গঢ়ি তুলিছে, অনুৰাগীয়ে তেওঁলোকৰ কেমিষ্ট্ৰী বহুত ভাল পাইছে । অৱশ্যে দুয়োৰে সম্পৰ্কত থকাৰ খবৰ ওলাই আছে, এতিয়া এই গোপন কথাও শ্ব’টোত প্ৰকাশ পাব ।

শ্ব’টোৰ দ্বিতীয় আৰু তৃতীয় প্ৰমোত টিভিৰ বিখ্যাত ব্যক্তিত্ব গৌৰৱ খান্নাৰ নাম আহে । ইয়াৰ পিছতে বিখ্যাত গায়ক তথা সংগীত জগতৰ সুৰকাৰ অমল মালিকৰ নাম প্ৰকাশ পাই ।

এতিয়ালৈকে শ্ব’টোৰ প্ৰমোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মুখ ব্লাৰ কৰি দিয়া হৈছে । টিভিৰ কালাৰছ চেনেলত নিশা ১০.৩০ বজাত আৰু অ’টিটি প্লেটফৰ্ম জিঅ’ হটষ্টাৰত নিশা ৯ বজাত বিগ বছৰ প্ৰিমিয়াৰ চাব পাৰিব ।

লগতে পঢ়ক : ছলমান খানৰ অনুষ্ঠানত এন্ট্ৰি মাৰিব নেকি বক্সিং কিংবদন্তি মাইক টাইছন আৰু WWE ষ্টাৰ আণ্ডাৰটেকাৰে…?