ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰাৰ ইংগিত দিছে।
ইয়াৰ পূৰ্বে তেওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষভাৱে আলোচনাৰ মধ্যস্থতা কৰি যুদ্ধ ক্ষিপ্ৰতাৰে অন্ত পেলোৱাৰ পৰিকল্পনা ঘোষণা কৰিছিল।
কিন্তু এতিয়া তেওঁ কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে ব্যক্তিগতভাৱে মুখামুখিকৈ আলোচনা কৰিব লাগে।
প্ৰশাসনৰ বিষয়াসকলৰ মতে, পৰৱৰ্তী পৰ্যায়ৰ শান্তি আলোচনাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে।
তাৰ পৰিৱৰ্তে তেওঁলোকে বিচাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে আমেৰিকাৰ মধ্যস্থতা অবিহনে ইজনে সিজনক লগ কৰক।
এজন বিষয়াই কয়,’ট্ৰাম্পৰ দৃষ্টিত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ পৰৱৰ্তী পদক্ষেপ হ’ল ভ্লাদিমিৰ পুটিন আৰু ভ’লোডিমিৰ জেলেনস্কিৰ মাজত দ্বিপাক্ষিক বৈঠক হওক। অৱশ্যে এই বৈঠকখন প্ৰকৃততে হ’ব নে নহয় সেয়া অনিশ্চিত।’
ট্ৰাম্পৰ এই নতুন স্থিতি, য’ত তেওঁ যুদ্ধবিৰতিৰ পূৰ্বে পুটিন আৰু জেলেনস্কিৰ মাজত প্ৰত্যক্ষ আলোচনাৰ ওপৰত জোৰ দিছিল,ইয়াক তেওঁৰ পূৰ্বৰ স্থানৰ পৰা ইউ টাৰ্ণ বুলি গণ্য কৰা হৈছে।য’ত তেওঁ তাৎক্ষণিক যুদ্ধবিৰতি আৰু মধ্যস্থতাত অধিক গুৰুত্ব আৰোপ কৰিছিল।
লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ