কৃত্ৰিম বানত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী
মুম্বাইৰ বৰষুণে সাধাৰণ ৰাইজৰ লগতে বলীউডৰ তাৰকাসকলকো অশান্তি দিছে। এতিয়া বলীউডৰ সম্ৰাট অমিতাভ বচ্চনৰ জুহুস্থিত বাংলো প্ৰতিক্ষাৰ অৱস্থা বেয়া হৈছে।
বিগ বিৰ এই বাংলোটোৰ বাহিৰৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।এই ঘৰটো বিগ বিয়ে জীয়েক শ্বেতা বচ্চনক দিছিল।
মুম্বাইত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অভিনেতা গৰাকীৰ বাংলোৰ বাহিৰত পানীৰে ভৰি পৰিছে।বচ্চন পৰিয়ালটোৰ প্ৰতীক্ষাকে ধৰি তিনিটা ডাঙৰ ঘৰ আছে।
পৃথ্বী চিগনেলৰ সমীপৱৰ্তী অমিতাভ বচ্চনৰ বাংলোৰ সমীপৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানপানী হোৱাৰ কেইবাটাও ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত পোহৰলৈ আহিছে।
ভিডিঅ’বোৰত দেখা যায় যে বৰষুণে কেনেদৰে অঞ্চলটোৰ আৰু জনসাধাৰণৰ অৱস্থা বেয়া কৰি তুলিছে। বিগ বিৰ বাংলো প্ৰতীক্ষাৰ ভিতৰটো পানী সোমাইছে।
মুম্বাই পানীত ডুব যোৱাৰ ভিডিঅ’ ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু ২১ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে।
লগতে পঢ়ক: মুম্বাইত বৰষুণৰ বিধ্বংসী ৰূপ ! বন্ধ হ’ল বিগ বছ ১৯ৰ শ্বুটিং