আমেৰিকাৰ ছিয়াটলত প্ৰথমবাৰৰ বাবে আয়োজন ‘ইণ্ডিয়া ডে পেৰেড’
আমেৰিকাৰ ছিয়াটলত ভাৰতৰ কনছুলেট জেনেৰেলে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া ডে পেৰেড’ৰ আয়োজন কৰে । ইয়াত ভাৰতৰ সকলো ৰাজ্যৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শন কৰা হয় ।
শনিবাৰে অনুষ্ঠিত হয় এই পেৰেড । ইয়াত ভাৰতৰ ২৮খন ৰাজ্যৰ সকলো সাংস্কৃতিক নৃত্যৰ উপস্থাপন সন্নিবিষ্ট কৰা হয় । পেৰেডত ‘ইণ্ডিয়া পেভিলিয়ন’ও আছিল, য’ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে জড়িত ‘এক জিলা-এক সামগ্ৰী’ (অ’ডিঅ’পি)ৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছিল । ছিয়াটলত ভাৰতৰ কনছুল জেনেৰেল প্ৰকাশ গুপ্তা, ছিয়াটলৰ মেয়ৰ ব্ৰুচ হেৰেল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে পেৰেডত পতাকা উত্তোলন কৰে । এই উপলক্ষে ত্ৰিৰংগ বেলুন আকাশলৈ এৰি দিয়া হয় আৰু এই গ্ৰেণ্ড পেৰেডৰ আৰম্ভণি হয় । ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ৰং সকলোতে জিলিকি থকা দেখা গ’ল ।
ইণ্ডিয়া ডে পেৰেডৰ মূল আকৰ্ষণ আছিল ‘ইণ্ডিয়া পেভিলিয়ন’, য’ত ২৮খন ৰাজ্যৰ ৩০টাতকৈও অধিক বুথ আৰু কেইবাটাও বিষয়বস্তুভিত্তিক প্ৰদৰ্শনী স্থাপন কৰা হৈছিল । ৰাজ্যসমূহৰ বিশেষ অ’ডিঅ’পি সামগ্ৰী প্ৰতিটো বুথতে ৰখা হৈছিল । ইয়াৰ লগতে তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্যৰ তথ্যও দিয়া হৈছিল । এই সময়ত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু দৰ্শকে বিভিন্ন ৰাজ্যৰ খাদ্যৰ সোৱাদ লোৱাৰ লগতে সাংস্কৃতিক শিল্পকৰ্ম দেখি ভাৰতৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ আভাস লাভ কৰে । এই তথ্য ভাৰতীয় কনছুলেটৰ প্ৰেছ বিজ্ঞপ্তিযোগে দিয়া হৈছে ।
এই কাৰ্যসূচীত দুহেজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে । এই সময়ত ছিয়াটলৰ মেয়ৰ হেৰেলে কয় যে আমেৰিকাই ভাৰতৰ প্ৰেম, মমতা আৰু অহিংসাৰ বাৰ্তাৰ পৰা শিকিব লাগে । তেওঁ লগতে কয় যে ছিয়াটল বৈচিত্ৰ্য আৰু কাৰিকৰী উৎকৰ্ষতাৰে ভৰা এখন চহৰ আৰু ইয়াত ভাৰতীয়-আমেৰিকানসকলে বহুখিনি অৱদান আগবঢ়াইছে । তেওঁ ছিয়াটলত ভাৰতীয় কনছুলেট মুকলি কৰাটোক এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি কয় যে প্ৰথমবাৰৰ বাবে ভাৰত দিৱসৰ পেৰেড সহযোগত আয়োজন কৰাত চহৰখন গৌৰৱান্বিত ।
লগতে পঢ়ক : ট্ৰাম্পক সাক্ষাৎ কৰাৰ পূৰ্বে শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…