IBPS ৰ প্ৰাৰম্ভিক পৰীক্ষা দিবলৈ হৈছে নেকি সাজু?
ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চেলেকচনে আজি অৰ্থাৎ ১৭ আগষ্টৰ পৰা প্ৰবেচনেৰী অফিচাৰ্ছ প্ৰিলিমছ (আই বি পি এছ পি অ’ প্ৰিলিমছ ২০২৫) পৰীক্ষা আৰম্ভ কৰিছে।
আজিৰ উপৰিও ২৩ আৰু ২৪ আগষ্টত অনুষ্ঠিত হ’ব IBPS PO প্ৰিলিমছ পৰীক্ষা।ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ibps.in ত আই বি পি এছ পি অ’ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কল লেটাৰ বা এডমিট কাৰ্ড মুকলি কৰিছে। কিন্তু এই পৰীক্ষাত নেগেটিভ নম্বৰ আছে নে নাই আপুনি বাৰু জানেনে?
পৰীক্ষা যিয়েই নহওক কিয়, পৰীক্ষাৰ্থীৰ মনত সদায় নেগেটিভ নম্বৰৰ প্ৰশ্ন থাকে। এনে পৰিস্থিতিত পৰীক্ষাৰ্থীৰ মনত নিশ্চিতভাৱে এই পৰীক্ষাক লৈ এটা প্ৰশ্ন থাকিব, ইয়াত ঋণাত্মক নম্বৰ আছে নে নাই?
উল্লেখ্য যেআই বি পি এছ ৰ প্ৰাৰম্ভিক পৰীক্ষাত নিগেটিভ নম্বৰ আছে। ইয়াত প্ৰতিটো ভুল উত্তৰৰ বাবে সেই প্ৰশ্নত আবণ্টিত নম্বৰৰ এক চতুৰ্থাংশ বা ০.২৫ নম্বৰ ঋণাত্মক নম্বৰ হিচাপে কৰ্তন কৰা হ’ব।
IBPS POৰ প্ৰাৰম্ভিক পৰীক্ষা ১০০ নম্বৰৰ হ’ব। এই এঘণ্টীয়া পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব। প্ৰশ্নকাকতত তিনিটা খণ্ড ইংৰাজী ভাষা, পৰিমাণগত যোগ্যতা আৰু যুক্তিৰ ক্ষমতা থাকিব।
লগতে পঢ়ক: ঘোষণা হ’ল বীৰ চক্র সন্মান; ৯গৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়ালৈ দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান