সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্যিক ভাবুকি আৰু বিশ্বজুৰি যুদ্ধৰ ওকমুকনিৰ মাজতে আলাস্কাত ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক অনুষ্ঠিত হয় । দুয়োগৰাকী নেতাই আন্তৰিকতাৰে হাত মিলাই ঘণ্টাৰ পিছত ঘণ্টা আলোচনাত বহিছিল । আশা কৰা হৈছিল হাই প্ৰফাইল এই বৈঠকে আনিব বহু সমস্যাৰ সমাধান সূত্ৰ । দুয়োখন মহাশক্তিধৰ দেশে আলোচনাত মিলিত হোৱাৰ পিছত দীৰ্ঘদিনে চলি থকা ৰাছিয়া-ইউক্ৰইন যুদ্ধৰ অন্ত পৰিব বুলিও আশা কৰা হৈছিল । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি কোনো সমাধান সূ্ত্ৰ নোলাল এই বৈঠকত ।
উল্লেখ্য যে, আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰায় ৩ ঘণ্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । এই সময়ছোৱাত ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয় । অৱশ্যে যুদ্ধবিৰতি সন্দৰ্ভত কোনো একমত হোৱা নাই । যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্প আৰু পুটিনৰ পৰৱৰ্তী বৈঠক মস্কোত অনুষ্ঠিত হ’ব । অৱশ্যে সময় এতিয়াও নিৰ্ণয় হোৱা নাই । এই বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ অবিহনে ইউক্ৰেইনৰ বিষয়ে কোনো সিদ্ধান্ত ল’ব নোৱাৰি । অৱশ্যে ট্ৰাম্পে কয় যে জেলেনস্কি আগলৈ আলোচনাত জড়িত হ’ব পাৰে ।
বৈঠকৰ পিছত সংবাদমেলৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমাৰ বৈঠক অতি ইতিবাচক আছিল বুলি মই ভাবো । আলোচনাত বহু কথাত আমি একমত হৈছিলো যদিও কোনো চুক্তিত উপনীত হোৱা নাই । যিকোনো চুক্তি চূড়ান্ত হ’লেহে হ’ব ।
ট্ৰাম্প আৰু পুটিনৰ বৈঠকৰ বাবে আলাস্কাৰ এলমেনডৰ্ফ এয়াৰ বেছত বিশেষ ব্যৱস্থা কৰা হৈছিল । বিমানবন্দৰৰ ৰাণৱেত ৰেড কাৰ্পেটত আদৰণি জনোৱা হৈছিল পুটিনক ।
ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ ৩ ঘণ্টীয়া বৈঠকত কোনবোৰ বিষয়ত আলোচনা হৈছিল সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ পোৱা নাই । কাৰণ দুয়োজন নেতাই আলোচনাৰ অন্তত মাত্ৰ ১২ মিনিটৰ বাবে সংবাদমেল পাতিছিল, সেই সময়ত সংবাদ মাধ্যমৰ পৰা কোনো প্ৰশ্ন গ্ৰহণ কৰা নাছিল । ট্ৰাম্পে মাত্ৰ কয় যে বৈঠক ইতিবাচক আছিল । অৱশ্যে এতিয়ালৈকে কোনো চুক্তি চূড়ান্ত হোৱা নাই । ইয়াৰ বাহিৰেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে যুদ্ধৰ অন্ত পেলাবলৈ প্ৰকৃত কাৰণটো নিৰ্মূল কৰাটো অধিক গুৰুত্বপূৰ্ণ । ইয়াৰ লগতে তেওঁ কয় যে যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, যদি ট্ৰাম্প ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে হয়তো এই যুদ্ধ আৰম্ভ নহ’লহেঁতেন ।
পৰৱৰ্তী বৈঠক মস্কোত-
ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকৰ পূৰ্বে বিশ্বাস কৰা হৈছিল যে প্ৰথমখন বৈঠকতে দুয়োগৰাকী নেতাই যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা হয়তো সম্ভৱ নহয় । এই বাবেই ট্ৰাম্পে পূৰ্বেও কৈছিল যে অতি শীঘ্ৰে পুটিন আৰু জেলেনস্কিৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব । প্ৰথমখন বৈঠকৰ অন্তত পুটিনে ট্ৰাম্পক পৰৱৰ্তী বৈঠকৰ বাবে মস্কোলৈ আহিবলৈ পৰামৰ্শ দিছে । অৱশ্যে ট্ৰাম্পে এই কথাত সন্মতি দিয়া নাই আৰু নাকচো কৰা নাই । এনে পৰিস্থিতিত পৰৱৰ্তী বৈঠকখন মস্কোতেই অনুষ্ঠিত হ’ব পাৰে বুলি বিশ্বাস কৰা হৈছে ।
লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে