খং উঠিল হৰভজন সিঙৰ
ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কিংবদন্তি স্পিনাৰ হৰভজন সিঙে এটা ডাঙৰ বক্তব্য দিছে।হৰভজন সিঙে স্পষ্টকৈ কৈছে যে এছিয়া কাপত পাকিস্তানৰ সৈতে ভাৰতে ক্ৰিকেট খেলিব নালাগে।
খেলুৱৈগৰৈকীয়ে কয় যে, প্ৰথমে দেশ তাৰ পিছত ক্ৰীড়া।শেহতীয়াকৈ হৰভজনে পাকিস্তানৰ হৈ ৱৰ্ল্ড চেম্পিয়নছ অৱ লিজেণ্ডছ লীগত খেলিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।
তাৰ পিছত আৰু বহু ভাৰতীয় ক্ৰিকেটাৰে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিলে।অৱশেষত ভাৰত-পাকিস্তানৰ মেচ বাতিল কৰা হয়।
সেই প্ৰতিযোগিতাতো ভাৰতৰ দলে ছেমি ফাইনেলতো পাকিস্তানৰ বিৰুদ্ধে খেলা নাছিল আৰু প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’বলৈ বাছি লৈছিল।
প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙে দিয়া এক সাক্ষাৎকাৰত কয় যে, “তেওঁলোকে বুজিব লাগে কি গুৰুত্বপূৰ্ণ আৰু কি নহয়। ই ইমানেই সহজ”।
“মোৰ বাবে সীমান্তত থিয় হৈ কেতিয়াবা ঘৰলৈ উভতি যাব নোৱাৰা সৈনিকসকল বেছি গুৰুত্বপূৰ্ণ।দেশৰ বাবে তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিয়ে।তেওঁলোকৰৰ ত্যাগ আমাৰ সকলোৰে বাবে বিশাল।”
তেওঁ লগতে কয় যে, “আমি ক্ৰিকেট খেল এখন মিছ কৰিব নোৱাৰোনে।তাৰ তুলনাত এইটো অতি সৰু কথা।এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে সীমান্তত উত্তেজনা হৈছে আৰু আমি তেওঁলোকৰ সৈতে ক্ৰিকেট খেলিম”।
“সকলো সমস্যা সমাধান নোহোৱালৈকে আমি তেওঁলোকৰ সৈতে ক্ৰিকেট খেলা উচিত নহয়।আমাৰ চৰকাৰৰ স্থিতিও যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে।”
উল্লেখ্য যে, ২০২৫ চনৰ এছিয়া কাপৰ ইউ এ ইত আয়োজন কৰা হৈছে। অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা।
লগতে পঢ়ক: বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা… বেটিং এপ গোচৰ সন্দৰ্ভত EDৰ তলব