বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা… বেটিং এপ গোচৰ সন্দৰ্ভত EDৰ তলব

বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় । এটা বিখ্যাত অনলাইন বেটিং এপ ৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগত ই ডিয়ে তলব কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । সংস্থাটোৱে ৰাইনাক চমন জাৰি কৰিছিল, তাৰ পিছত তেওঁ দিল্লীস্থ ই

বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় । এটা বিখ্যাত অনলাইন বেটিং এপ ৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগত ই ডিয়ে তলব কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । সংস্থাটোৱে ৰাইনাক চমন জাৰি কৰিছিল, তাৰ পিছত তেওঁ দিল্লীস্থ ই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰে ।

সংস্থাটোৰ মতে, সুৰেশ ৰাইনাৰ কিছু বিজ্ঞাপন আৰু এণ্ডাৰছমেণ্টৰ বাবেই এই গোচৰৰ সৈতে তেওঁৰ নাম জড়িত হৈ আছে । ইডিৰ দলটোৱে ৰাইনাক এপটোৰ সৈতে তেওঁৰ সম্পৰ্ক, এণ্ডাৰছমেণ্ট চুক্তি আৰু যিকোনো বিত্তীয় লেনদেনৰ সম্পূৰ্ণ বিৱৰণ বিচাৰিছিল । ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এই তদন্ত কৰা হৈছিল ।

উল্লেখ্য যে, সুৰেশ ৰাইনাৰ উপৰিও এই অবৈধ অনলাইন বেটিং আৰু গেমিং এপসমূহৰ প্ৰচাৰৰ সৈতে জড়িত গোচৰসমূহত আন বহু চেলিব্ৰিটিৰ নামো পোহৰলৈ আহিছে । ইডিৰ তদন্তৰ পৰিসৰ ধন সৰবৰাহ আৰু কেইবা কোটি টকাৰ কৰ ফাঁকিলৈকে বিস্তৃত । তদন্তকাৰী সংস্থাটোৱে এই প্লেটফৰ্মসমূহৰ প্ৰমোটাৰ আৰু ইয়াৰ সৈতে জড়িত সকলো লোকক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল সুৰেশ ৰাইনা । অৱশ্যে ৰাইনাৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ অপৰাধমূলক গোচৰ ৰুজু হৈছে নে কেৱল তথ্যৰ বাবে জেৰা কৰা হৈছে সেয়া এই মুহূৰ্তত ইডিয়ে স্পষ্ট কৰা নাই ।

লগতে পঢ়ক : ৰোহিত শৰ্মাৰ অধিনায়কত্বত ‘গ্ৰহণ’! ODI টো দায়িত্ব ল’ব নেকি শুভমান গিলে?