শ্বেক

গাখীৰ, খেজুৰ আৰু কলৰ শ্বেক খোৱাৰ উপকাৰিতা জানেনে?

গাখীৰ, খেজুৰ আৰু কলৰ শ্বেক খোৱাৰ উপকাৰিতা জানেনে? গাখীৰ, খেজুৰ আৰু কলৰ শ্বেক হৈছে এক প্ৰাকৃতিক পানীয় যিয়ে সোৱাদ আৰু স্বাস্থ্য দুয়োটাৰে এক সুন্দৰ সংমিশ্ৰণ। বিশেষকৈ যিসকল ক্ষীণ আৰু স্বাস্থ্যসন্মতভাৱে ওজন বৃদ্ধি কৰিব বিচাৰে তেওঁলোকৰ বাবে এই শ্বেকটো উপকাৰী।গাখীৰত প্ৰটিন আৰু কেলচিয়াম থাকে, খেজুৰত আইৰণ

গাখীৰ, খেজুৰ আৰু কলৰ শ্বেক খোৱাৰ উপকাৰিতা জানেনে?

গাখীৰ, খেজুৰ আৰু কলৰ শ্বেক হৈছে এক প্ৰাকৃতিক পানীয় যিয়ে সোৱাদ আৰু স্বাস্থ্য দুয়োটাৰে এক সুন্দৰ সংমিশ্ৰণ।

বিশেষকৈ যিসকল ক্ষীণ আৰু স্বাস্থ্যসন্মতভাৱে ওজন বৃদ্ধি কৰিব বিচাৰে তেওঁলোকৰ বাবে এই শ্বেকটো উপকাৰী।গাখীৰত প্ৰটিন আৰু কেলচিয়াম থাকে, খেজুৰত আইৰণ আৰু ফাইবাৰ থাকে আৰু কলত কাৰ্বহাইড্ৰেট আৰু পটাছিয়াম থাকে, এই সকলোবোৰ মিলি শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে।

এই শ্বেকে শক্তি বৃদ্ধি কৰাই নহয় পেশীবোৰো শক্তিশালী কৰে।ইয়াত দৈনিক সেৱন কৰিলে ভোক বৃদ্ধি পায়, হজম শক্তি উন্নত হয় আৰু লাহে লাহে ওজন বৃদ্ধি পায়।

গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলচিয়াম আৰু ভিটামিন ডি থাকে। ই হাড় মজবুত কৰে আৰু পেশীৰ বৃদ্ধিত সহায় কৰে। গাখীৰে শৰীৰক শক্তি প্ৰদান কৰে আৰু ভাগৰ দূৰ কৰে।

আনহাতে খেজুৰ প্ৰাকৃতিক চেনিৰ এক উত্তম উৎস, যিয়ে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে। ইয়াত আইৰণ, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু ৰক্তহীনতা দূৰ কৰে।

আৰু কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু পটাছিয়াম থাকে। ই হজম শক্তি উন্নত কৰাৰ লগতে শৰীৰক দীৰ্ঘদিনলৈ শক্তি প্ৰদান কৰে।

এগিলাচ গাখীৰত ৪-৫ টা খেজুৰ আৰু ২ টা কল আৰু সোৱাদ অনুসৰি মৌ বা গুৰ  দি ভালদৰে পিহি লওক। তাৰ পিছত ইয়াক খাব পাৰিব।  

এই শ্বেক উচ্চ কেলৰি আৰু উচ্চ পুষ্টিযুক্ত, যিয়ে শৰীৰক প্ৰয়োজনীয় শক্তি আৰু পুষ্টি প্ৰদান কৰে।এই শ্বেকটো প্ৰতিদিনে পুৱা বা গধূলি খালে ক্ৰমান্বয়ে ওজন বৃদ্ধি পায়।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: দ্ৰুতভাৱে ওজন কমাব বিচাৰিছে নেকি? খাদ্যত অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু….

শেহতীয়া প্ৰৱন্ধসমূহ