শুল্ক যুদ্ধৰ মাজতে ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য
আজি মধ্যপ্ৰদেশত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। মধ্যপ্ৰদেশৰ বি ই এম এল (ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড)ৰ নতুন ৰে’ল ডবা কাৰখানাৰ ভূমি পূজন কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুততম উন্নয়নশীল দেশ।
ভাৰতৰ উন্নয়ন ভাল নোপোৱা একাংশ লোক আছে। তেওঁলোকে নিজকে পৃথিৱীৰ মালিক বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে।ভাৰত কেনেকৈ ইমান দ্ৰুতগতিত আগবাঢ়িছে সেয়া বুজিব পৰা নাই।
বহুতে এনেকোৱাও চেষ্টা চলাই আছে যে ভাৰতত ভাৰতৰ জনসাধাৰণৰ দ্বাৰা যিটো বস্তু প্ৰস্তুত কৰা হৈছে সেইবোৰ আন কোনো দেশলৈ গ’লে সেই দেশত বনোৱা বস্তুতকৈও অধিক দামী হৈ পৰিব যাতে পৃথিৱীৰ মানুহে সেইবোৰ কিনিব নোৱাৰে।তেওঁ কয় যে ভাৰত আজি যি গতিৰে আগবাঢ়িছে, এদিন ভাৰত বিশ্বৰ এক প্ৰধান শক্তি হৈ পৰিব।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰতিৰক্ষা খণ্ডৰ কথা কবলৈ গ’লে আপোনালোকে জানি সুখী হ’ব যে এতিয়া আমি ২৪ হাজাৰ কোটিতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছো।এয়া ভাৰতৰ শক্তি, এয়া নতুন ভাৰতৰ নতুন প্ৰতিৰক্ষা খণ্ড আৰু ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে…”।
লগতে পঢ়ক: ভাৰতৰ পথ অৱৰোধ কৰি ৪১০ কোটিৰ লোকচানৰ সন্মুখীন পাকিস্তান !