কেনেকৈ হ’ব ডাটা বিজ্ঞানী ?

কেনেকৈ হ’ব ডাটা বিজ্ঞানী ?  দ্বাদশৰ পিছত অধ্যয়নটো কৰিব লাগিব এই পাঠ্যক্ৰম

কেনেকৈ হ’ব ডাটা বিজ্ঞানী ? বিগত কেইবছৰমানৰ পৰা ডাটা বিজ্ঞানী তথা ডাটা চাইন্টিষ্টৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু অহা কেইবছৰমানৰ ভিতৰত ই আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পাব । যদি আপুনিও এনেধৰণৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব বিচাৰে যিয়ে আপোনাক এটা কামৰ লগতে এটা ভাল পেকেজ দিয়ে, তেন্তে

কেনেকৈ হ’ব ডাটা বিজ্ঞানী ?

বিগত কেইবছৰমানৰ পৰা ডাটা বিজ্ঞানী তথা ডাটা চাইন্টিষ্টৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু অহা কেইবছৰমানৰ ভিতৰত ই আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পাব । যদি আপুনিও এনেধৰণৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব বিচাৰে যিয়ে আপোনাক এটা কামৰ লগতে এটা ভাল পেকেজ দিয়ে, তেন্তে আপুনি এজন ডাটা বিজ্ঞানী হোৱাৰ কথা ভাবিব পাৰে । দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত কিছুমান স্নাতক পাঠ্যক্ৰম উপলব্ধ, যিবোৰ সম্পূৰ্ণ কৰিলে আপুনি ডাটা বিজ্ঞানী হ’ব পাৰে । অৱশ্যে স্নাতক হোৱাৰ পিছত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু পি জি ডিপ্লমাও উচ্চ শিক্ষাৰ বাবে কৰিব পাৰি । ডাটা বিজ্ঞানী হ’বলৈ দ্বাদশৰ পিছত কোনবোৰ পাঠ্যক্ৰম কৰিব লাগে আৰু ইয়াৰ পিছত ক’ত চাকৰি পায় লগতে দৰমহা কিমান হ’ব পাৰে জানক ।

এই পাঠ্যক্ৰম সমূহ সম্পূৰ্ণ কৰি দ্বাদশ উত্তীৰ্ণৰ পিছত ডাটা বিজ্ঞানী হব পাৰে-

কম্পিউটাৰ বিজ্ঞান (ডাটা বিজ্ঞান)- বি এছ চি (অনাৰ্ছ)

কম্পিউটাৰ বিজ্ঞান- তথ্য বিজ্ঞান- বি.এছ.চি

প্ৰায়োগিক গণিতত বি এছ চি

বিগ ডাটা আৰু ভিজুৱেল এনালাইটিক্সত স্নাতক

ডাটা বিজ্ঞানত স্নাতকোত্তৰ

ডাটা বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ

ব্যৱসায় বিশ্লেষণত স্নাতকোত্তৰ ডিপ্লমা

পৰিসংখ্যাত এম এছ চি (তথ্য বিজ্ঞান)

ক’ত চাকৰি লাভ কৰিব আৰু কিমান হ’ব দৰমহা-

এইবোৰৰ যিকোনো এটা পাঠ্যক্ৰম কৰাৰ পিছত আপুনি ফাইনেন্স, ইউটিলিটি আৰু হাস্পতাল, কনষ্ট্ৰাকচন প্লেন, অইল বা গেছ কোম্পানী, মেনুফেকচাৰিং কোম্পানী, বেংক, বীমা, টেলিকম, পৰিবহণ ই-কমাৰ্চ কোম্পানীত চাকৰি পাব পাৰে । ইয়াৰ উপৰিও ডাটা বিজ্ঞানীসকলে গুগল, মাইক্ৰ’ছফ্টৰ দৰে কোম্পানীত ডাঙৰ পেকেজত চাকৰিৰ অফাৰ লাভ কৰে । এজন ডাটা বিজ্ঞানীয়ে ৮ লাখৰ পৰা ২০ লাখলৈকে পেকেজ অফাৰ পায় । এই ক্ষেত্ৰত এজন ফ্ৰেচাৰে ৫ লাখতকৈ অধিক পেকেজেৰে আৰম্ভ কৰিব পাৰে । আনহাতে বৃহৎ কোম্পানীত বছৰি ২০ লাখতকৈ অধিক পেকেজ দিব পাৰে । সময় আৰু অভিজ্ঞতাৰ লগে লগে দৰমহা বৃদ্ধি পায় ।

লগতে পঢ়ক : CBSE এ দিলে ৭৫% উপস্থিতিৰ বাবে কঠোৰ নিৰ্দেশনা; কম হ’লে দিব নোৱাৰিব পৰীক্ষা!