তেজস্বী যাদৱৰ বাঢ়িছে বিপদ
বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱলৈ নিৰ্বাচন আয়োগে দুখন বেলেগ বেলেগ ভোটাৰ আইডি (EPIC নম্বৰ) থকাৰ বিষয়ত জাননী জাৰি কৰিছে।
আয়োগে এই বিষয়ত তেজস্বী যাদৱৰ পৰা স্পষ্টীকৰণ বিচাৰিছে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লিখিত উত্তৰ দিবলৈ কোৱা হৈছে।
জানিব পৰা মতে, তেজস্বী যাদৱৰ নামত দুটা EPIC নম্বৰ RAB0456228 আৰু RAB2916120 আছে। ইয়াৰ বিতৰত প্ৰথমটো নম্বৰ ২০২০ বৰ্ষৰ মনোনয়ন পত্ৰ আৰু ২০১৫ চনৰ ভোটাৰ তালিকাতো দিয়া হৈছিল, আনহাতে দ্বিতীয় সংখ্যাটো অস্তিত্বহীন বুলি ধৰা পৰিছে।এই দ্বিতীয় EPIC নম্বৰটো ভুৱা হ’ব পাৰে বুলি নিৰ্বাচন আয়োগে সন্দেহ প্ৰকাশ কৰিছে।
এই বিষয়টো ভোটাৰ তালিকাত দুবাৰকৈ প্ৰৱেশৰ সৈতে জড়িত হ’ব পাৰে বা ভুৱা নথি, সেয়েহে ইয়াৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত চলি আছে।
লগতে আয়োগে এইটোএ জানিবলৈ চেষ্টা কৰিছে যে দ্বিতীয় EPIC নম্বৰটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ল নে নহয়।
এই বিষয়ত তেজস্বীৱে পূৰ্বে কৈছিল যে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে, কিন্তু আয়োগে এই দাবীক ভিত্তিহীন বুলি অভিহিত কৰিছে আৰু ক’লে যে তেওঁৰ নাম এতিয়াও খচৰা ভোটাৰ তালিকাত পঞ্জীয়ন হৈ আছে। নিৰ্বাচন আয়োগে তেজস্বী যাদৱক বাস্তৱিক তথ্যৰে উত্তৰ দিবলৈ নিৰ্দেশ দিছে।
১ আগষ্টত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খচৰাত তেজস্বীৰ নাম স্পষ্টকৈ উল্লেখ থকা বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে।
আয়োগে লগতে জনাইছে যে ২০১৫ চনৰ ভোটাৰ তালিকাতো তেজস্বীৰ ওচৰত এই EPIC নম্বৰটো (RAB0456228) আছিল।
এনে পৰিস্থিতিত তেওঁ দাবী কৰিছে যে ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ পৰিছে, ই সম্পূৰ্ণ ভিত্তিহীন। ইতিমধ্যে আয়োগে এই দাবীক মিছা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি নাকচ কৰিছে।
লগতে পঢ়ক:‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’… তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰ নিৰ্বাচন আয়োগৰ