পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ…
২০২৫ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অন্তিমখন মেচত পাকিস্তান চেম্পিয়নে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শনিবাৰে অনুষ্ঠিত হোৱা এই মেচখনত দক্ষিণ আফ্ৰিকা চেম্পিয়নে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে । এই চূড়ান্ত খেলখনত পাকিস্তানৰ অধিনায়ক মহম্মদ হাফিজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । তৃতীয় অভাৰত কামৰাণ আকমল আউট হয় । অধিনায়ক হাফিজে ১০টা বলত ১৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছোৱেইব মালিকে ২০ ৰাণ (২৫ বল)ত আউট হয় ।
ইয়াৰ পিছত শ্বাৰ্জিল খানে ৪৪টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ পিছত উমৰ আমিন আৰু আছিফ আলীয়ে দ্ৰুততাৰে ৰান সংগ্ৰহ কৰি একেলগে ৩১টা বলত ৬১ ৰান সংযোজন কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ ৱেইন পাৰ্নেলে ৪ অভাৰত ৩২ ৰান খৰছ কৰি ২টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্ডাছ ভিলজোয়েনেও ২টা উইকেট দখল কৰে । লগে লগে পাকিস্তানে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে ।
দক্ষিণ আফ্ৰিকাৰ ইনিংছ
ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এক সুন্দৰ আৰম্ভণি কৰে । দলটোৱে মাত্ৰ ৬ অভাৰতে ৭২ ৰান সংগ্ৰহ কৰে । পাৱাৰপ্লেৰ শেষৰ বলত ১৮ ৰান সংগ্ৰহ কৰি আউট হয় হাছিম আমলা । ইয়াৰ পিছত পাকিস্তানৰ ফিল্ডিং অতি দুৰ্বল যেন লাগিছিল, বহু কেচ ড্ৰপ কৰে দলটোৰ খেলুৱৈসকলে ।
হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে কেৱল বেটিং কৰি থকা এ বি ডি ভিলিয়াৰ্ছে “ইমপেক্ট প্লেয়াৰ” হিচাপে ৪৭ বলত নিজৰ তৃতীয়টো শতক সম্পূৰ্ণ কৰে । শেষলৈকে তেওঁ ১২০ ৰান (৬০ বল, ১২ চাৰি, ৭ ছয়)ৰ ইনিংছৰে অপৰাজিত হৈ থাকে । জে পি ডুমিনিয়েও তেওঁৰ সৈতে উজ্জ্বল বেটিং কৰিছিল আৰু দুয়ো মিলি ৬৫টা বলত ১২৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । ডুমিনিয়ে ২৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।
দক্ষিণ আফ্ৰিকাই মাত্ৰ এটা উইকেট হেৰুৱাই ১৬.৫ অভাৰত জয়লাভ কৰি ৯ উইকেটত এক দৰ্শনীয় জয় সাব্যস্ত কৰে ।
খেলখনৰ অন্তত ভাৰত-পাকিস্তান বিবাদৰ বাবেই পি চি বি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)য়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । খবৰ অনুসৰি এতিয়া ব্যক্তিগত লীগত কোনেও “পাকিস্তান” নাম ব্যৱহাৰ কৰিব নোৱাৰিব ।
লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত