মুখৰ বাবে অতি উপকাৰী দৈ
মুখত দৈ প্ৰয়োগ কৰিলে বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। কিয়নো ই ভিটামিন ডি গুণাগুণত সমৃদ্ধ। যি ছালৰ পৰা মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে আৰু ছাল কোঁচ খোৱাৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ সৈতে যুঁজ দিয়ে।
ছালৰ ৰং উন্নত কৰা আৰু ছালখনক পুষ্টি দিবলৈ আপুনি দৈৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷আনকি ছালৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যাৰ বাবে দৈ অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷
শালমনৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ১ চাহ চামুচ দৈত আধা নেমুৰ ৰস মিহলি কৰি মুখত ২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব।এনেদৰে আপুনি মাত্ৰ ১০ দিনৰ বাবে মুখত প্ৰয়োগ কৰক।পাৰ্থক্য চকুৰ আগত দেখা পাব।
ছানবাৰ্ণৰ সমস্যা দূৰ কৰিবলৈ প্ৰথমতে এটা বাটিত দৈৰ সৈতে অলপ বেচন মিহলি কৰি এই মিশ্ৰণটো ছালত প্ৰায় ১৫ মিনিটৰ বাবে প্ৰয়োগ কৰক ৷
পাছত পৰিস্কাৰ পানীৰে ধুই পেলাব ৷ ইয়াক প্ৰয়োগ কৰি টেনিং আঁতৰ কৰাৰ লগতে আপুনি ছাল ৰঙা পৰা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে ৷
ছালৰ ৰং উন্নত কৰিবলৈ এটা বাটিত ২ চাহ চামুচ দৈৰ সৈতে ১ চামুচ বেচন মিহলি কৰক। এই পেষ্টটো মাত্ৰ ১৫ মিনিটৰ বাবে আপোনাৰ মুখত প্ৰয়োগ কৰক।
ইয়াৰ পিছত ভালদৰে ধুই পেলাব। এই মিশ্ৰণটো সপ্তাহত দুইৰ পৰা তিনিবাৰ প্ৰয়োগ কৰিলে ছালৰ ৰং উন্নত হ’ব।
লগতে পঢ়ক: আপুনি কেতিয়াবা খাইছেনে কলৰ বাকলিৰ চাহ? শৰীৰৰ বাবে যথেষ্ট উপকাৰী