মিছাইল মেনলৈ শ্ৰদ্ধাঞ্জলি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে ড° কালামক এজন প্ৰেৰণাদায়ক চিন্তাবিদ, মহান বিজ্ঞানী, পথ প্ৰদৰ্শক আৰু প্ৰকৃত দেশপ্ৰেমিক হিচাপে স্মৰণ কৰে । তেওঁ কয় যে ড° কালামৰ চিন্তাধাৰাই এতিয়াও দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰে আৰু শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগাবলৈ উৎসাহিত কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এজন প্ৰেৰণাদায়ক দূৰদৰ্শী, অসাধাৰণ বিজ্ঞানী, পথ প্ৰদৰ্শক আৰু মহান দেশপ্ৰেমিক হিচাপে তেওঁক স্মৰণ কৰে সমগ্ৰ দেশবাসীয়ে । ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ ভক্তি আছিল আদৰ্শ ।
২০০২ চনৰ পৰা ২০০৭ চনলৈ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° এ পি জে আব্দুল কালাম ৰাজনৈতিক দল আৰু সাধাৰণ জনতাৰ উভয়ৰে পৰা অপৰিসীম সন্মান লাভ কৰা দেশৰ কেইজনমান ৰাষ্ট্ৰপতিৰ ভিতৰত অন্যতম । তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল আৰু কোনো ৰাজনৈতিক পাৰ্থক্যই কেতিয়াও তেওঁৰ আচৰণত প্ৰভাৱ পেলাবলৈ দিয়া নাছিল । বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচীক নতুন উচ্চতালৈ লৈ গৈছিল ।
On his death anniversary, paying homage to our beloved former President, Dr. APJ Abdul Kalam. He is remembered as an inspiring visionary, outstanding scientist, mentor and a great patriot. His dedication to our nation was exemplary. His thoughts motivate the youth of India to…
— Narendra Modi (@narendramodi) July 27, 2025
যুৱক-যুৱতীসকলৰ বাবে অনুপ্ৰেৰণা ড০ কালাম-
প্ৰধানমন্ত্ৰী মোদীয়ে ড০ কালামৰ চিন্তাধাৰাক যুৱক-যুৱতীসকলৰ বাবে পথ প্ৰদৰ্শক বুলি অভিহিত কৰে । তেওঁ কয় যে ড০ কালামৰ চিন্তা আৰু জীৱন দৰ্শনে দেশৰ যুৱক-যুৱতীসকলক উন্নত নাগৰিক হ’বলৈ আৰু ৰাষ্ট্ৰ গঠনত অংশগ্ৰহণ কৰিবলৈ অহৰহ অনুপ্ৰাণিত কৰে । মোদীয়ে লগতে কয় যে কালামৰ সপোন আছিল যে ২০২০ চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰ হ’ব লাগে আৰু সেই দিশত আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য ।
লগতে পঢ়ক : তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি… ৪,৯০০ কোটি টকাৰ উপহাৰ দি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ