লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ
লণ্ডনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই প্ৰৱাসী ভাৰতীসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগা লৈ ভাৰত মাতা কি জয় শ্লোগান দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্স প্লেটফৰ্মত কিছু ছবি শ্বেয়াৰ কৰি লিখিছে, “ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ে দিয়া উষ্ম আদৰণিত মই আপ্লুত হৈছো । ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু আবেগ সঁচাকৈয়ে উৎসাহজনক ।”
প্ৰধানমন্ত্ৰীক আদৰণি আৰু সম্ভাষণ জনায় ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগ লৈ ভাৰত মাতা কি জয় আৰু মোদী-মোদী শ্লোগানেৰে উত্তাল কৰি আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে নমস্কাৰ জনাই আৰু হাত মিলাই সকলোৰে শুভেচ্ছা গ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণক দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে উপযোগী বুলি অভিহিত কৰিছে । ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি হ’ব বুলিও তেওঁ কয় ।
লণ্ডনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই ভ্ৰমণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, মই লণ্ডনত উপস্থিত হৈছোঁ ৷ এই ভ্ৰমণ দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত অতি সহায়ক বুলি প্ৰমাণিত হ’ব । আমাৰ গুৰুত্ব হ’ব আমাৰ জনসাধাৰণৰ বাবে সমৃদ্ধি, উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত । বিশ্বৰ প্ৰগতিৰ বাবে ভাৰত-ব্ৰিটেইনৰ শক্তিশালী বন্ধুত্বৰ প্ৰয়োজন ।‘
এয়া ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ভ্ৰমণ । তেওঁক আমন্ত্ৰণ জনাইছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে । ইয়াৰ পিছত ২ দিনৰ বাবে মালদ্বীপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
কেইৰ ষ্টাৰমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটিছ ৰজা কিং চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে । এয়া তেওঁৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটেইনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিব । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি আনুষ্ঠানিক হ’ব । ইয়াৰ পিছত তেওঁ মালদ্বীপলৈ যাব ।
লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ…