পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা
সোমবাৰে দিনৰ প্ৰায় ১:৩০ বজাত (ভাৰতীয় সময় অনুসৰি ১:০০ বজাত) ঢাকাৰ উত্তৰা অঞ্চলৰ দিয়াবাৰী অঞ্চলত বাংলাদেশ বায়ুসেনাৰ এখন এফ-৭ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখন মাইলষ্টোন কলেজৰ নৰ্থ কেম্পাছৰ ভিতৰত অৱস্থিত বিদ্যালয়ৰ ওপৰত বাগৰি পৰে । এই দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে জীৱন ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰি থকা দেখা গৈছে ।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এফ-৭ প্ৰশিক্ষক বিমানখনে নিশা ১:০৬ বজাত উৰা মাৰিছিল আৰু ২৪ মিনিট পিছত দুপৰীয়া ১:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰে যদিও দুৰ্ঘটনাৰ কাৰণ বা হতাহতিৰ বিষয়ে ততাতৈয়াকৈ কোনো তথ্য প্ৰদান কৰা নাই । লাভ কৰা তথ্য অনুসৰি এফ-৭ চীনৰ এখন বিমান ।
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, ঢাকাৰ উত্তৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীৰ সঞ্চালকে জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ পৰা কমেও ৩০ জন লোকক চিকিৎসালয়লৈ অনা হৈছে ।
দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে বাংলাদেশ সেনাৰ জোৱান আৰু অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষাৰ আঠটা ইউনিট সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । এজন বিষয়াই জনোৱা মতে, বিমান দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছত তিনিটা ইউনিটে ঠাইতে কাম কৰি থকাৰ বিপৰীতে আন দুটা ইউনিট সাজু হৈছে ।
অৱশ্যে হতাহতৰ সংখ্যা বা দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই । স্থানীয় একাংশ মিডিয়া আৰু ছ’চিয়েল মিডিয়া পোষ্টত পাইলটৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে যদিও এই কথা নিশ্চিত হোৱা নাই ।
লগতে পঢ়ক : হামাছৰ কামাণ্ডাৰ বশৰ থাবেটক হত্যা ইজৰাইলৰ; ৭৫টা সন্ত্ৰাসবাদীৰ স্থানত আক্ৰমণ