শশী থাৰুৰ

“তেওঁ আৰু আমাৰ নহয়…”; শশী থাৰুৰ সন্দৰ্ভত কংগ্ৰেছ নেতাৰ বিস্ফোৰক বক্তব্য

শশী থাৰুৰ সন্দৰ্ভত কংগ্ৰেছ নেতাৰ বিস্ফোৰক বক্তব্য শশী থাৰুৰক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে মুৰালিধৰণে।থাৰুৰক সমালোচনা কৰি মুৰলীধৰণে কয় যে, তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীক কংগ্ৰেছৰ কোনো অনুষ্ঠানত তেতিয়ালৈকে নিমন্ত্ৰণ কৰা নহ’ব, যেতিয়ালৈকে তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি নকৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী

শশী থাৰুৰ সন্দৰ্ভত কংগ্ৰেছ নেতাৰ বিস্ফোৰক বক্তব্য

শশী থাৰুৰক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে মুৰালিধৰণে।থাৰুৰক সমালোচনা কৰি মুৰলীধৰণে কয় যে, তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীক কংগ্ৰেছৰ কোনো অনুষ্ঠানত তেতিয়ালৈকে নিমন্ত্ৰণ কৰা নহ’ব, যেতিয়ালৈকে তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি নকৰে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰণে লগতে কয় যে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য থাৰুক এতিয়া “আমাৰ মাজৰ এজন” বুলি গণ্য কৰা নহয়। থাৰুৰৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা ল’ব লাগে সেইটো দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত থাৰুৰে নিজৰ মতামত অতুত থকাক লৈ সোধা প্ৰশ্নৰ সন্দৰ্ভত উত্তৰ দি মুৰালীধৰণে কয়, “যদিহে তেওঁ (থাৰুৰে) নিজৰ স্থিতি সলনি নকৰে, আমি তেওঁক তিৰুৱনন্তপুৰমত আয়োজন কৰা কোনো পাৰ্টি অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰো”।

“তেওঁ আমাৰ লগত নাই, গতিকে তেওঁৰ কোনো অনুষ্ঠান বৰ্জন কৰাৰ প্ৰশ্ন উত্থাপন নহয়”।কোচিত অনুষ্ঠিত এক অনুষ্ঠানত থাৰুৰে নিজৰ স্থিতি ৰক্ষা কৰাৰ এদিন পিছতে তেওঁৰ এই মন্তব্য কৰিছে।থাৰুৰে কৈছিল যে, “জাতি প্ৰথম আৰু দলসমূহ হৈছে দেশখনক উন্নত কৰাৰ মাধ্যম।”

লগতে পঢ়ক: “ডি কে শিৱকুমাৰ ইয়াত নাই নহয়?”; মঞ্চতে অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া

শেহতীয়া প্ৰৱন্ধসমূহ