পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা…

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা… ইছৰোৱে দিলে এই আপডেট

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা পৃথিৱীলৈ উভতিলৈ সাজু হোৱাৰ সময়তে ভাৰতৰ মহাকাশ অভিযানে এটা সফল অধ্যায় সংযোজন কৰিবলৈ ওলাইছে । বতৰে অনুমতি দিলে ১৫ জুলাইত তেওঁ কেলিফৰ্ণিয়াৰ ওচৰৰ সাগৰত অৱতৰণ কৰিব বুলি ইছৰোৱে জনাইছে । গ্ৰুপ কেপ্তেইন শুভাংশু হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা পৃথিৱীলৈ উভতিলৈ সাজু হোৱাৰ সময়তে ভাৰতৰ মহাকাশ অভিযানে এটা সফল অধ্যায় সংযোজন কৰিবলৈ ওলাইছে । বতৰে অনুমতি দিলে ১৫ জুলাইত তেওঁ কেলিফৰ্ণিয়াৰ ওচৰৰ সাগৰত অৱতৰণ কৰিব বুলি ইছৰোৱে জনাইছে । গ্ৰুপ কেপ্তেইন শুভাংশু হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় । আকাশ গংগা নামৰ এই অভিযানটো এক্সিয়াম স্পেচ, নাছা আৰু ইছৰোৰ যৌথ প্ৰচেষ্টা । এই অভিযানে আগন্তুক গগণযান অভিযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰৰ লগতে ভাৰতৰ মানৱ মহাকাশ উৰণক এক গতি প্ৰদান কৰিব ।

এক্সিয়াম স্পেছে দিলে তথ্য-

শুকুৰবাৰে এক্সিয়াম স্পেছে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এক্সিয়াম মিছন ৪ (এক্স-৪)ৰ ক্ৰুৱে নিজৰ গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰি আছে । ইয়াত উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁলোকে ৬০টাতকৈও অধিক বৈজ্ঞানিক গৱেষণামূলক কাৰ্য্যকলাপ চলাইছে আৰু ২০টাতকৈও অধিক আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ প্ৰকল্পই এনে গৱেষণাক প্ৰসাৰিত কৰিছে যিয়ে মহাকাশ অন্বেষণৰ ভৱিষ্যতত অৰিহণা যোগাব আৰু লগতে পৃথিৱীত আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিব ।

আই এছ এছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ৭টা ইণ্ডিয়া স্পেচিফিক মাইক্ৰ’গ্ৰেভিটি এক্সপেৰিমেণ্ট চলাইছিল, যিয়ে মহাকাশ বিজ্ঞানত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য প্ৰদৰ্শন কৰে । এই পৰীক্ষাসমূহে ভৱিষ্যতৰ অভিযান আৰু দীৰ্ঘম্যাদী মহাকাশ উৰণৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব ।

ইছৰোৱে নিৰীক্ষণ কৰি আছে স্বাস্থ্য-

এই পৰীক্ষাসমূহ এতিয়া অধিক বিশ্লেষণৰ বাবে পৃথিৱীলৈ আনিবলৈ প্ৰস্তুত কৰা হৈছে । ইফালে, মাইক্ৰ’ এলগে, শস্যৰ বীজ আৰু ভয়েজাৰ ডিছপ্লেৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন তিনিটা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ই ভাৰতৰ মহাকাশ গৱেষণা পৰ্টফলিঅ’ক শক্তিশালী কৰি তুলিব । এই সকলোবোৰৰ মাজতে ইছৰোৰ ফ্লাইট ছাৰ্জনে সমগ্ৰ অভিযানত ব্যক্তিগত চিকিৎসা আৰু মানসিক সন্মিলনৰ জৰিয়তে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ স্বাস্থ্য আৰু মানসিক সুস্থতা অহৰহ নিৰীক্ষণ কৰি আছে ।

খবৰ অনুসৰি মহাকাশচাৰীসকলৰ স্বাস্থ্য ভাল আৰু উচ্চ মনোবল । স্প্লেচডাউনৰ পিছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ইছৰোৰ ফ্লাইট ছাৰ্জনৰ তত্বাৱধানত ৭ দিনীয়া কোৱাৰেণ্টাইনত থাকিব । মহাকাশত কেইবা সপ্তাহ কটোৱাৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত অভ্যস্ত হ’বলৈ এই পৰ্যায়টো প্ৰয়োজনীয় ।

লগতে পঢ়ক : ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন