কংগনা ৰানাৱটে সাংসদ পদৰ পৰা পদত্যাগ কৰক
বৰ্তমান হিমাচল প্ৰদেশ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে।ইফালে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জগত সিং নেগীয়ে মণ্ডী লোকসভাৰ আসনৰ সাংসদ তথা বিজেপি নেত্ৰী কংগনা ৰানাৱটক তীক্ষ্ণ সমালোচনা কৰিছে।
জগত সিং নেগীয়ে কয় যে যদি কংগনা ৰানাৱটে সাংসদ হিচাপে নিজৰ দায়িত্বত সুখী নহয় তেন্তে তৎক্ষণাত পদত্যাগ কৰিব লাগে।
আচলতে হিমাচল প্ৰদেশৰ দুৰ্যোগপীড়িত জিলা মণ্ডী ভ্ৰমণৰ সময়ত কংগনাই কৈছিল সাহায্য আৰু উদ্ধাৰৰ কাম ৰাজ্য চৰকাৰৰ দায়িত্ব।ইয়াৰ পিছত কংগ্ৰেছে তেওঁক আক্ৰমণ কৰিছে।
কংগনাই কৈছিল- ‘এজন সাংসদ হিচাপে মই কেৱল পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অৱগত কৰিব পাৰো আৰু কেন্দ্ৰীয় সহায় বিচাৰিব পাৰো’।
‘আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংযোগী হিচাপে কাম কৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ আগত অঞ্চলটোৰ বিষয়সমূহ উত্থাপন কৰো’।
“মোৰ ওচৰত কেবিনেট বা আমোলাতন্ত্ৰ নাই।উপ-আয়ুক্তসকলৰ সৈতে পৰিস্থিতি পুনৰীক্ষণ কৰিব পাৰো আৰু সবিশেষ দিবহে পাৰিম।”
কি ক’লে জগত সিং নেগীয়ে?
হিমাচল প্ৰদেশৰ ৰাজহ আৰু উদ্যান শস্য মন্ত্ৰী জগত সিং নেগীয়ে বৃহস্পতিবাৰে কংগনা ৰানাউটক লক্ষ্য কৰি কয়-“যদি কংগনা সাংসদ হিচাপে দিয়া দায়িত্বত সুখী নহয়, তেতিয়াহলে তেওঁ তৎক্ষণাত পদত্যাগ কৰিব লাগে যাতে কোনোবা সক্ষম ব্যক্তিৰ বাবে বাট সাজু কৰিব পৰা যায়।যিয়ে ৰাইজৰ যন্ত্ৰণা বুজি পায় আৰু তেওঁলোকৰ লগত ভূমি পৰ্য্যায়ত থিয় দিয়ে”।
লগতে পঢ়ক: বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ