কেনেকৈ বৃদ্ধি কৰিব ছালৰ উজ্জ্বলতা?
সকলোৱে নিজৰ ছালখন জিলিকি আৰু সুস্থ হৈ থকাটো বিচাৰে।কিন্তু ব্যস্ততাপূৰ্ণ জীৱন, টোপনিৰ অভাৱ, ভাৰসাম্যহীন খাদ্য আৰু প্ৰদূষণৰ দৰে কাৰণত ক্ৰমান্বয়ে মুখৰ জিলিকনি কমিবলৈ আৰম্ভ কৰে।
ছালত আৰ্দ্ৰতাৰ অভাৱ, দাগ, ভাগৰ আৰু নিস্তেজ ৰং সাধাৰণ সমস্যা হৈ পৰিছে।মুখখন সুস্থ কৰি ৰাখিবলৈ বাহ্যিক যত্নৰ লগতে আভ্যন্তৰীণ পুষ্টি আৰু মানসিক চাপমুক্ত জীৱনশৈলীও প্ৰয়োজনীয়।কেৱল ক্ৰীম বা ফেচ ৱাছেই যথেষ্ট নহ’ব, মুখখনক প্ৰতিটো স্তৰতে মনোযোগ আৰু যত্নৰ প্ৰয়োজন।
মুখত প্ৰাকৃতিক গ্লো পাবলৈ কৰক এইবোৰ কাম:
হাইড্ৰেচনে সতেজতা দিব:মুখৰ গ্লো বৃদ্ধিৰ বাবে পানী খোৱাটোৱেই আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায়। দৈনিক কমেও ৮-১০ গিলাচ পানী খাব লাগে।
ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই মুখখন ভিতৰৰ পৰা সতেজ কৰি ৰাখে।আপোনাৰ খোৱাপানীৰ বটলত নেমু আৰু তিয়ঁহৰ টুকুৰা ডিটক্স পানী হিচাপে ব্যৱহাৰ কৰিব পাৰে। ই ছালখনক হাইড্ৰেটেড কৰি ৰখাত আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে।
এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰক: ভিটামিন চি, ই আৰু ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্যই ছালখনক ভিতৰৰ পৰা জিলিকি উঠাত সহায় কৰে। ফল-মূল, শাক-পাচলি, শুকান ফল-মূল আৰু গুটিবোৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক।
ৰ’দৰ পৰা সুৰক্ষা অতি প্ৰয়োজনীয়: UV ৰশ্মিয়ে ছালখন ক’লা আৰু নিস্তেজ কৰি তুলিব পাৰে। যদি আপুনি সকলো সময়তে ঘৰৰ ভিতৰত থাকে তেন্তে প্ৰতি ৪ ঘণ্টাৰ মূৰে মূৰে ছানস্ক্ৰীণ লগোৱাৰ প্ৰয়োজন নাই।
কিন্তু যদি আপুনি বেছি সময় ৰ’দত থাকে তেন্তে ৩-৪ ঘণ্টাৰ মূৰে মূৰে পুনৰ ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো প্ৰয়োজনীয়।
টোপনি আৰু মানসিক চাপৰ প্ৰত্যক্ষ প্ৰভাৱ: অপৰ্যাপ্ত টোপনি আৰু মানসিক চাপৰ ফলত মুখখন ভাগৰুৱা আৰু নিস্তেজ হৈ পৰে। প্ৰতিদিনে ৭-৮ ঘন্টা গভীৰ টোপনি আৰু ধ্যান বা যোগাসনৰ বাবে কিছু সময় নিশ্চিতভাৱে উলিয়াব লাগে।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: মানসিক চাপে দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ মগজু; নিজকে কেনেকৈ ৰক্ষা কৰিব লাগে জানক