কানাডাৰ কপিল শৰ্মাৰ কেফেত গুলীচালনা
কমেডিয়ান কপিল শৰ্মাৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে।২ বছৰীয়া কষ্টৰ অন্তত কপিল শৰ্মাই পত্নী গিন্নী চত্ৰথৰ সৈতে কানাডাত ব্যৱসায় আৰম্ভ কৰিছিল।
দুয়োজনে কানাডাত এখন কেফে খুলিলে, যাৰ নাম ৰখা হ’ল ‘কেপছ কেফে’। কপিল আৰু গিন্নী দুয়োজনেই অতি সুখী আছিল, কাৰণ ৰেষ্টুৰেণ্টখনৰ কফি আৰু খাদ্য খাবলৈ ভিৰ কৰিছিল বিপুল জনসমাগম।
এতিয়া খবৰ আহিছে যে কেফে খোলাৰ মাত্ৰ কেইদিনমান পিছতে তাত গুলীচালনা হৈছে। কানাডাত কপিলৰ কেফে যিটো অট্টালিকাত অৱস্থিত, সেই অট্টালিকাটোত কেইবাটাও ৰাউণ্ডৰ গুলীচালনা কৰা হৈছে।
দুৰ্বৃত্তই এখন গাড়ীত আহি গুলীচালনা কৰি তাৰ পৰা পলায়ন কৰে ।অৱশ্যে এই সমগ্ৰ ঘটনাত কোনো লোক আহত হোৱা নাই।
এই গুলীচালনাৰ দায়িত্ব লৈছে সন্ত্ৰাসবাদী হৰজিৎ সিং লাড্ডীয়ে।লাডী ভাৰতৰ NIA ৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদী আৰু বি কে আই (বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল)ৰ সৈতে জড়িত।
লাডীয়ে কপিল শৰ্মাৰ কিছু পুৰণি বক্তব্যৰ বাবেই এই আক্ৰমণ সংঘটিত হোৱা বুলি কৈছে।ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কপিল বা গিন্নীয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই।
লগতে পঢ়ক: ৫৯ বছৰ বয়সত বিবাহপাশত আবদ্ধ হ’ব ছলমান খান! বিশেষ পোষ্টৰে দিলে ইংগিত









