অমিত শ্বাহে

অমিত শ্বাহে  ল’ব নেকি ৰাজনীতিৰ পৰা অৱসৰৰ? পৰিকল্পনাৰ কথা কৈ দিলে ইংগিত

অমিত শ্বাহে ল’ব নেকি ৰাজনীতিৰ পৰা অৱসৰৰ; গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ এক ইংগিত দিছে। ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বিবৃতি দিছে। অমিত শ্বাহে কয় যে ৰাজনীতিৰ পৰা অৱসৰৰ পিছৰ বাবে পৰিকল্পনা কৰিছে।তেওঁ কয় যে যেতিয়াই অৱসৰ ল’ব তেতিয়াই জীৱনৰ

অমিত শ্বাহে  ল’ব নেকি ৰাজনীতিৰ পৰা অৱসৰৰ;

 গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ এক ইংগিত দিছে। ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বিবৃতি দিছে।

অমিত শ্বাহে কয় যে ৰাজনীতিৰ পৰা অৱসৰৰ পিছৰ বাবে পৰিকল্পনা কৰিছে।তেওঁ কয় যে যেতিয়াই অৱসৰ ল’ব তেতিয়াই জীৱনৰ বাকী সময়খিনি বেদ-উপনিষদ পঢ়াত কটাব আৰু ইয়াৰ উপৰিও তেওঁ প্ৰাকৃতিক খেতি কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে।

গৃহমন্ত্ৰী গৰাকীয়ে কৈছিল যে মই খেতি ভাল পাওঁ,অৱসৰৰ পিছত প্ৰাকৃতিক খেতি কৰিম। লগতে বেদ আৰু উপনিষদ অধ্যয়ন কৰো, যদি মই খেতি কৰিব নোৱাৰো তেন্তে অৱসৰৰ পিছত মই এই কামত সময় কটাম।

শ্বাহে কয় যে এই প্ৰাকৃতিক কৃষি এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ, এইটো এক প্ৰকাৰৰ বৈজ্ঞানিক পৰীক্ষা যিয়ে বহু উপকাৰ দিয়ে।

প্ৰাকৃতিক খেতিৰ উপকাৰিতাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত শ্বাহে কয় যে, সাৰেৰে দিয়া ঘেঁহু খালে কেন্সাৰ হয়, বি পি বাঢ়ি যায় আৰু থাইৰয়ডৰ সমস্যাও দেখা দিয়ে।আমি সকলোৱে আমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত।

সাৰ নিদিয়া খাদ্য খাব লাগে। যিকোনো ব্যক্তিৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ সাৰ অবিহনে খাদ্য খোৱাটো প্ৰয়োজনীয়,যদি এনেকুৱা হয় তেন্তে ইয়াৰ অৰ্থ হ’ব যে ঔষধৰ প্ৰয়োজন নাথাকিব।

লগতে পঢ়ক: “উদ্ধৱ থাকৰেৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিবৃতি নিদিব”; সকলো বিষয়াক নিৰ্দেশ ৰাজ থাকৰেৰ

শেহতীয়া প্ৰৱন্ধসমূহ