১৫ মিনিটতে জিলিকি উঠিব মুখ
বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ জীৱন যাপনৰ মাজতো মানুহে অলপ সময় উলিয়াই নিজৰ দেহৰ যতন লোৱাটো খুৱেই প্ৰয়োজনীয়।
অত্যাধিক গৰমৰ বাবে এই সময়ৰ পৰাই আপোনাৰ ছালৰ যতন লোৱা আৰম্ভ কৰক। ইয়াৰ বাবে খুব বেছি একো কৰাৰ প্ৰয়োজন নাথাকে। কিছুমান সাধাৰণ ঘৰুৱা উপায় উপলম্বন কৰিব পাৰে।
দৈৰ ভাল গুণ দেখি ইয়াক খাদ্যৰ অংশ হিচাপে লোৱাটো বাঞ্ছনীয়। কিন্তু, ইয়াক মুখ আৰু চুলিতো প্ৰয়োগ কৰা হয়। দৈৰ ফেচ পেকৰ কথা ক’বলৈ গ’লে দৈত থকা লেক্টিক এচিড ছালৰ বাবে অতি উপকাৰী।
বিশেষকৈ দৈয়ে মুখখন তৎক্ষণাত গ্লো কৰাত সহায় কৰে।যদি আপুনি পাৰ্টিলৈ যাবলগীয়া হয় আৰু আপোনাৰ ছালখন নিস্তেজ দেখা যায়, তেন্তে এই দৈ ফেচ পেকটো বনাই লগাব পাৰে।
তৎক্ষণাত গ্লোৰ বাবে দৈৰে ফেচ পেক বনাওক
দৈৰ পৰা ফেচ পেক বনাবলৈ প্ৰথমে দৈখিনি কাপোৰত বান্ধি ওলোমাই থ’ব লাগে। ওলমি থকা দৈৰ পৰা এটা ভাল ফেচ পেক প্ৰস্তুত কৰা হয়। ইয়াৰ ফলত ছালত জমা হৈ থকা মৃত কোষবোৰ আঁতৰি যায়।
লেক্টিক এচিড আৰু ভাল চৰ্বিৰ বাবে ই ছালখনক উজ্জ্বল কৰাত সহায় কৰে। এতিয়া দৈতখিনিত এচামুচ গাখীৰৰ পাউডাৰ দিব।
পাউডাৰ গাখীৰৰ গুড়ি লেক্টিক এচিডৰ ভাল উৎস যিয়ে ছালত গ্লো দিয়ে আৰু ছালৰ ক’লা দাগবোৰ পাতল কৰে।এতিয়া এই মিশ্ৰণত এচামুচ জবাব ফুলৰ গুড়ি দিব। জবাব ফুলৰ গুড়িত ভাল এনজাইম থাকে যিয়ে ছালত নতুন গ্লো দিয়ে।
এই তিনিওটা বস্তু ভালদৰে মিহলাই ফেচ পেক এটা প্ৰস্তুত কৰক। ফেচ পেকটো আধা ঘণ্টা ধৰি মুখত লগোৱাৰ পিছত ধুই পেলাওক। বিশেষজ্ঞসকলে কয় যে এই ফেচ পেকে প্ৰাণহীন ছালত প্ৰাণ কঢ়িয়াই আনে।
দৈ আৰু বেচন মিহলাইও ফেচ পেক প্ৰস্তুত কৰিব পাৰি। এই ফেচ পেকটো ১০ৰ পৰা ১৫ মিনিট মুখত লগাই তাৰ পিছত ধুই পেলাব পাৰি।
দৈত হালধি মিহলাই ফেচ পেক বনাওক। এই ফেচ পেকে ছালখন এক্সফোলিয়েট কৰি মৃত কোষবোৰ আঁতৰাই পেলায়। দৈ আৰু হালধিও ছালত এন্টিবেক্টেৰিয়েল গুণ প্ৰদান কৰে।
লগতে পঢ়ক: মাত্ৰ ৩০ দিন নোখোৱাকৈ থাকক চেনি; শৰীৰৰ ফলাফল দেখি হ’ব আচৰিত