তিনি ভাৰতীয়ক অপহৰণ আল কায়দাৰ

তিনি ভাৰতীয়ক অপহৰণ আল কায়দাৰ; শীঘ্ৰেই মুক্তিৰ দাবী জনালে ভাৰতে

তিনি ভাৰতীয়ক অপহৰণ আল কায়দাৰ মঙলবাৰে পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তিনিগৰাকী ভাৰতীয় নাগৰিক অপহৃত হয় । ভাৰত চৰকাৰে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মালি চৰকাৰক অপহৃতৰ তৎকালীন আৰু নিৰাপদ মুক্তি নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ

তিনি ভাৰতীয়ক অপহৰণ আল কায়দাৰ

মঙলবাৰে পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তিনিগৰাকী ভাৰতীয় নাগৰিক অপহৃত হয় । ভাৰত চৰকাৰে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মালি চৰকাৰক অপহৃতৰ তৎকালীন আৰু নিৰাপদ মুক্তি নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ১ জুলাইত মালিৰ কায়েছত থকা ডাইমণ্ড চিমেণ্ট ফেক্টৰীত একাংশ সশস্ত্ৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি তাত কৰ্মৰত তিনিজন ভাৰতীয় নাগৰিকক অপহৰণ কৰে । আল কায়দাৰ সৈতে জড়িত এটা সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে ।

আল কায়দাৰ সৈতে জড়িত সংগঠন ‘জামাত নুছৰত আল ইছলাম ৱাল মুছলিমীন’ (JNIM)-এ মালিত এই অপহৰণ আৰু অন্যান্য আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মালিৰ ৰাজধানী বামাকোত থকা ভাৰতীয় দূতাবাস স্থানীয় প্ৰশাসন, আইন প্ৰয়োগকাৰী সংস্থা আৰু চিমেণ্ট কাৰখানা পৰিচালনাৰ সৈতে অহৰহ যোগাযোগত আছে । লগতে অপহৃত ভাৰতীয়ৰ পৰিয়ালকো প্ৰতিটো পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে ।

বৈদেশিক মন্ত্ৰালয়ৰ আবেদন-

এই ঘটনাক ‘অতি নিন্দনীয় হিংসাত্মক কাৰ্য’ বুলি অভিহিত কৰি ভাৰতীয় নাগৰিকৰ আগতীয়া আৰু নিৰাপদে উভতি অহাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ মালি চৰকাৰক আহ্বান জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতীয়সকলক সকলো ধৰণৰ সহায় আগবঢ়াব আৰু “ভাৰতীয় নাগৰিকসকলক অতি সোনকালে নিৰাপদে ঘূৰাই অনাটো নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ” ।

মালিত বসবাস কৰা আন ভাৰতীয়সকলকো সজাগ হৈ থাকিবলৈ, সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাসৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত থাকিবলৈ পৰামৰ্শ দিছে চৰকাৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ কয় যে বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সুৰক্ষা আৰু মংগল ভাৰত চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ।

লগতে পঢ়ক : ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ

শেহতীয়া প্ৰৱন্ধসমূহ