ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬

ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬; শীঘ্ৰেই হ’ব পৰীক্ষা

ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬ ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ত যেতিয়া আমেৰিকাই বি-২ বোমাৰু বিমান আৰু চাবমেৰিনৰ পৰা নিক্ষেপ কৰা টমাহক মিছাইলেৰে ইৰাণৰ ইছফাহান পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছিল, তেতিয়া সকলোৱে আচৰিত হৈছিল যে কেইবাশ কিলোমিটাৰ দূৰৈৰ সাগৰৰ পৰাও এনে আক্ৰমণ কৰিব

ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬

ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ত যেতিয়া আমেৰিকাই বি-২ বোমাৰু বিমান আৰু চাবমেৰিনৰ পৰা নিক্ষেপ কৰা টমাহক মিছাইলেৰে ইৰাণৰ ইছফাহান পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছিল, তেতিয়া সকলোৱে আচৰিত হৈছিল যে কেইবাশ কিলোমিটাৰ দূৰৈৰ সাগৰৰ পৰাও এনে আক্ৰমণ কৰিব পৰা যায় । ভাৰতেও এই দিশত এটা ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে ।

পাৰমাণৱিক চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা প্ৰথমটো হাইপাৰছনিক মিছাইল কে-৬ নিৰ্মাণ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই । এই আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM)ৰ ৰেঞ্জ প্ৰায় ৮,০০০ কিলোমিটাৰ আৰু অতি সোনকালে ইয়াৰ পৰীক্ষা কৰিব পৰা যাব । শেহতীয়াকৈ ডি আৰ ডি অ’ৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰত কে-৬ ক্ষেপণাস্ত্ৰৰ বৈশিষ্ট্যৰ বিষয়ে তথ্য ভাগ কৰা হৈছিল । এই কে-৬ ক্ষেপণাস্ত্ৰৰ গতিবেগ ৭.৫ মেক অৰ্থাৎ প্ৰতি ঘণ্টাত ৯,২০০ কিলোমিটাৰ ।

ভাৰতৰ আছে দুখন পাৰমাণৱিক শক্তি সম্পন্ন ছাবমেৰিন-

কে-৬ হৈছে ভাৰতৰ প্ৰথমটো হাইপাৰছনিক মিছাইল, যিটো চাবমেৰিনৰ পৰা নিক্ষেপ কৰা হ’ব । অদূৰ ভৱিষ্যতে নিৰ্মাণ হ’বলগীয়া পাৰমাণৱিক চাবমেৰিনৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হ’ব । ভাৰতবৰ্ষত বৰ্তমান আই এন এছ অৰিহান্ত আৰু আই এন এছ অৰিঘাট নামৰ দুখন পাৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন আছে ।

আই এন এছ অৰিহান্ত আৰু আই এন এছ অৰিঘাট পাৰমাণৱিক চাবমেৰিনৰ পৰা কে-১৫ (৭৫০ কিলোমিটাৰ ৰেঞ্জ), কে-৪ (৩,৫০০ কিলোমিটাৰ ৰেঞ্জ) আৰু কে-৫ (৫,০০০ কিলোমিটাৰ) কৌশলগত বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰি । এই সকলোবোৰ কে-৬ৰ দৰে চাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল (এছ বি এল এম)। ইয়াৰ উপৰিও তৃতীয়খন পাৰমাণৱিক চাবমেৰিন আই এন এছ অৰিধমানো চলিত বৰ্ষৰ শেষৰ ফালে সাজু হ’ব পাৰে ।

যোৱা বছৰ নৱেম্বৰ মাহত ভাৰতে প্ৰথমটো হাইপাৰছ’নিক মিছাইল প্ৰস্তুত কৰিছিল । ডি আৰ ডি অ’ই ওড়িশাৰ উপকূলৰ পৰা ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত আঘাত কৰিব পৰা হাইপাৰছ’নিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰিছিল । ইয়াৰ লগে লগে ভাৰতে এতিয়া ৰাছিয়া আৰু চীনৰ দৰে দেশৰ ক্লাবত যোগদান কৰে, যিসকলৰ অস্ত্ৰভাণ্ডাৰত শব্দৰ গতিবেগতকৈ পাঁচগুণ বেছি বেগেৰে ক্ষেপণাস্ত্ৰ দীৰ্ঘদিন ধৰি ৰখা হৈছে ।

হাইপাৰছ’নিক মিছাইলৰ গতি মেক-৫ (অৰ্থাৎ শব্দৰ গতিৰ পাঁচগুণ)ৰ পৰা মেক-২৫লৈকে । আনকি শত্ৰুৰ ৰাডাৰ বা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাইও এই ক্ষেপণাস্ত্ৰ ধৰা পেলাব নোৱাৰে ।

ইজৰাইল-ইৰাণ যুদ্ধত ব্যৱহৃত হাইপাৰছনিক মিছাইল-

ইয়াৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ সংকটৰ সময়ত য়েমেনৰ হৌথী বিদ্ৰোহীয়ে ইজৰাইলৰ ওপৰত হাইপাৰছ’নিক মিছাইল নিক্ষেপ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল । শেহতীয়াকৈ ইজৰাইল-ইৰাণ যুদ্ধতো হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰা হৈছিল । ইৰাণে হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰি টেল আভিভ আৰু ইজৰাইলৰ অন্যান্য চহৰত আক্ৰমণ চলাইছিল । ইজৰাইলৰ আইৰন ড’ম আৰু আমেৰিকাৰ THAAD (টাৰ্মিনেল হাই এলটিটুড এয়াৰ ডিফেন্স) ব্যৱস্থাইও এই ক্ষেপণাস্ত্ৰসমূহক বাধা দিব নোৱাৰিলে, যাৰ বাবে ইজৰাইলে প্ৰচণ্ড ধ্বংসৰ সাক্ষী হ’ল ।

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ব্যৱহাৰ কৰিছিল হাইপাৰছনিক মিছাইল কিনজাল-

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই হাইপাৰছ’নিক ‘কিনজাল’ মিছাইল ব্যৱহাৰ কৰিছে । মিগ-৩১ যুঁজাৰু বিমানৰ পৰা ৰাছিয়াই এই কিনজাল ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল । শেহতীয়াকৈ আমেৰিকাইও যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰিব পৰা হাইপাৰছনিক মিছাইল ‘মেকো’ নিৰ্মাণ কৰা বুলি দাবী কৰিছে ।

লগতে পঢ়ক : ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ