শ্বেফালী জৰিৱালাৰ মৃত্যুত আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য
শুকুৰবাৰে নিশা অভিনেত্ৰী তথা মডেল শ্বেফালী জৰিৱালাৰ মুম্বাইত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ। শ্বেফালী জৰিৱালা যথেষ্ট সুস্থ আছিল যাৰ বাবে তেওঁৰ হঠাৎ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে।
সকলোৱে জানিব বিচাৰে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ কাৰণ।এতিয়া চিকিৎসকে সন্দেহ কৰিছে যে শ্বেফালীৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা হ’ব পাৰে।ইফালে এজন আৰক্ষী বিষয়াই কৈছে যে আমি মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰি আছো।
বিপি কম হোৱাৰ বাবেই মৃত্যু হ’ল নেকি শ্বেফালীৰ?
আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা নিজৰ ঘৰতে অজ্ঞান হৈ পৰে অভিনেত্ৰীগৰাকী। তেওঁৰ স্বামী তথা টেলিভিছন অভিনেতা পৰাগ ত্যাগীয়ে তেওঁক ততাতৈয়াকৈ আন্ধেৰীৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে। পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জুহুৰ আৰ এন কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা
আৰক্ষীয়ে জনোৱা মতে, কুপাৰ হাস্পতালৰ চিকিৎসকে শ্বেফালী জৰিৱালাৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা বুলি সন্দেহ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘৰত সত্যনাৰায়ণ পূজাৰ বাবে উপবাসত আছিল। সেই পূজাত শ্বেফালীৰ পিতৃ-মাতৃও উপস্থিত আছিল।
তেওঁৰ স্বামী পৰাগে আৰক্ষীক দিয়া তথ্য অনুসৰি ফ্ৰীজত আছিল আগদিনা প্ৰস্তুত কৰা খাদ্য আৰু সেই ঠাণ্ডা খাদ্য খাই অজ্ঞান হৈ পৰিছিল অভিনেত্ৰীগৰাকী।তাৰ পিছতে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হয় শ্বেফালীৰ ।
ইয়াত আৰক্ষীয়ে প্ৰয়াত অভিনেত্ৰীগৰাকীৰ স্বামী আৰু পৰিয়ালৰ লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে। শেফালীয়ে ধুনীয়া আৰু চিৰ যৌৱনা হৈ থাকিবলৈ যোৱা কেইদিনমানৰ পৰা চিকিৎসা লৈ আছিল।
তেওঁৰ ঘৰৰ পৰা তথ্য সংগ্ৰহ কৰি থাকোঁতে আৰক্ষীয়ে এন্টি এজিং টেবলেট, স্কিন গ্লো টেবলেট আৰু ভিটামিন টেবলেট থকা দুটা বাকচ উদ্ধাৰ কৰে।
এগৰাকী আৰক্ষী বিষয়াই কয় যে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিছিল বুলি কৈছিল। অৱশ্যে ইয়াৰ বাবে কেতিয়াও শ্বেফালীৰ কোনো সমস্যা হোৱা নাছিল।অৱশ্যে অভিনেত্ৰীগৰাকীৰ মৃত্যু প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত হে জানিব পৰা যাব।
লগতে পঢ়ক: ‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু; ৪২ বছৰ বয়সতে সামৰিলে জীৱন নাট