জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ
লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ ৫খনীয়া খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । এই খেলখনৰ চতুৰ্থ দিনটো বৰ ৰোমাঞ্চকৰ আছিল । ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ৩৬৪ ৰানত সমাপ্ত হয় । এতিয়া ইংলেণ্ডৰ সন্মুখত এই মেচত জয়ী হ’বলৈ ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিনটোৰ খেলৰ শেষলৈকে ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ২১ ৰান সংগ্ৰহ কৰিছে । অৰ্থাৎ শেষৰ দিনটোত ইংলেণ্ডক ৩৫০ ৰানৰ প্ৰয়োজন, আনহাতে হাতত ১০টা উইকেট আছে ।
চতুৰ্থ দিনটোৰ আৰম্ভণি ভাৰতৰ বাবে সন্তোষজনক নাছিল । ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল প্ৰথম ইনিংছত শতৰান কৰা অধিনায়ক গীল । কিন্তু ইয়াৰ পিছত পণ্ট আৰু কে এল ৰাহুলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োজনে শতক অৰ্জন কৰে । ১১৮ ৰান সংগ্ৰহ কৰি আউট হয় পণ্ট । আনহাতে কে এল ৰাহুলে ১৩৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ভাৰতীয় ইনিংছ তাচ পাতৰ দৰে খহি পৰে । অৰ্থাৎ ভাৰতে ৩১ ৰানতে ৫টা উইকেট হেৰুৱাই ।
এই টেষ্টত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৬৫ ৰানত সমাপ্ত হয় । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত টিম ইণ্ডিয়াই ৬ ৰানৰ অগ্ৰগতি লাভ কৰে । এতিয়া ইংলেণ্ডৰ সন্মুখত বিজয় লক্ষ্য হৈছে ৩৭১ ৰান ।
উইকেট পতনঃ ১৬-১ (যশস্বী জয়ছোৱাল, ৩.১), ৮২-২ (ছাই সুদৰ্শন, ২০.৫), ৯২-৩ (শুভমন গীল, ২৪.৬), ২৮৭-৪ (ঋষভ পন্ট, ৭১.৪), ৩৩৩-৫ (কে এল ৰাহুল, ৮৪.২), ৩৩৫-৬ (কৰুণ নায়াৰ, ৮৫.৬), ৩৪৯-৭ (শ্বাৰদুল ঠাকুৰ, ৯০.১), ৩৪৯-৮ (মহম্মদ চিৰাজ, ৯০.২), ৩৪৯-৯ (যশপ্ৰীত বুমৰাহ, ৯০.৪), ৩৬৪-১০ (প্ৰসিদ্ধ কৃষ্ণ, ৯৫.৬) ।
ইংলেণ্ডৰ প্ৰথম ইনিংছ-
ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৭১ ৰানত সীমাবদ্ধ আছিল । ১৩৭টা বলত দলৰ হৈ সৰ্বাধিক ১০৬ ৰান সংগ্ৰহ কৰে অলি পোপে । হেৰী ব্ৰুক মাত্ৰ এটা ৰাণৰ বাবে শতক বঞ্চিত হয় । ব্ৰুকে ১১২টা বলৰ সন্মুখীন হৈ ১১টা চাৰি আৰু দুটা ছয় কোবাই । অ’পেনাৰ বেন ডাকেটেও (৯৪ বলত ৬২ ৰান) অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় । ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৫টা উইকেট দখল কৰে । প্ৰসিদ্ধ কৃষ্ণই তিনিটা, মহম্মদ চিৰাজে দুটা সফলতা লাভ কৰে । উইকেট পতন : ৪-১ (জেক ক্ৰ’লি, ০.৬ অভাৰ), ১২৬-২ (বেন ডাকেট, ২৮.৩ অভাৰ), ২০৬-৩ (জো ৰুট, ৪৬.৩ অভাৰ), ২২৫-৪ (অলি পোপ, ৫১.১ অভাৰ), ২৭৬-৫, (বেন ষ্ট’কছ, ৬৪.৫ অভাৰ), ৩৪৯-৬ (জেমি স্মিথ, ৭৯.৩ অভাৰ), ৩৯৮-৭ (হেৰী ব্ৰুক, ৮৭.৩ অভাৰ), ৪৫৩-৮ (ব্ৰাইডন কাৰ্ছ, ৯৪.৫ অভাৰ), ৪৬০-৯ (ক্ৰিছ ৱ’কেছ, ৯৮.৫ অভাৰ), ৪৬৫-১০ (জোছ টংগে, ১০০.৪ অভাৰ) ।
লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ