জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ

চতুৰ্থ দিনৰ খেল সমাপ্ত… জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ

জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ ৫খনীয়া খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । এই খেলখনৰ চতুৰ্থ দিনটো বৰ ৰোমাঞ্চকৰ আছিল । ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ৩৬৪ ৰানত সমাপ্ত হয় । এতিয়া ইংলেণ্ডৰ সন্মুখত এই মেচত জয়ী

জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ

লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ ৫খনীয়া খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । এই খেলখনৰ চতুৰ্থ দিনটো বৰ ৰোমাঞ্চকৰ আছিল । ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ৩৬৪ ৰানত সমাপ্ত হয় । এতিয়া ইংলেণ্ডৰ সন্মুখত এই মেচত জয়ী হ’বলৈ ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিনটোৰ খেলৰ শেষলৈকে ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ২১ ৰান সংগ্ৰহ কৰিছে । অৰ্থাৎ শেষৰ দিনটোত ইংলেণ্ডক ৩৫০ ৰানৰ প্ৰয়োজন, আনহাতে হাতত ১০টা উইকেট আছে ।

চতুৰ্থ দিনটোৰ আৰম্ভণি ভাৰতৰ বাবে সন্তোষজনক নাছিল । ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল প্ৰথম ইনিংছত শতৰান কৰা অধিনায়ক গীল । কিন্তু ইয়াৰ পিছত পণ্ট আৰু কে এল ৰাহুলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োজনে শতক অৰ্জন কৰে । ১১৮ ৰান সংগ্ৰহ কৰি আউট হয় পণ্ট । আনহাতে কে এল ৰাহুলে ১৩৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ভাৰতীয় ইনিংছ তাচ পাতৰ দৰে খহি পৰে । অৰ্থাৎ ভাৰতে ৩১ ৰানতে ৫টা উইকেট হেৰুৱাই ।

এই টেষ্টত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৬৫ ৰানত সমাপ্ত হয় । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত টিম ইণ্ডিয়াই ৬ ৰানৰ অগ্ৰগতি লাভ কৰে । এতিয়া ইংলেণ্ডৰ সন্মুখত বিজয় লক্ষ্য হৈছে ৩৭১ ৰান ।

উইকেট পতনঃ ১৬-১ (যশস্বী জয়ছোৱাল, ৩.১), ৮২-২ (ছাই সুদৰ্শন, ২০.৫), ৯২-৩ (শুভমন গীল, ২৪.৬), ২৮৭-৪ (ঋষভ পন্ট, ৭১.৪), ৩৩৩-৫ (কে এল ৰাহুল, ৮৪.২), ৩৩৫-৬ (কৰুণ নায়াৰ, ৮৫.৬), ৩৪৯-৭ (শ্বাৰদুল ঠাকুৰ, ৯০.১), ৩৪৯-৮ (মহম্মদ চিৰাজ, ৯০.২), ৩৪৯-৯ (যশপ্ৰীত বুমৰাহ, ৯০.৪), ৩৬৪-১০ (প্ৰসিদ্ধ কৃষ্ণ, ৯৫.৬) ।

ইংলেণ্ডৰ প্ৰথম ইনিংছ-

ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৭১ ৰানত সীমাবদ্ধ আছিল । ১৩৭টা বলত দলৰ হৈ সৰ্বাধিক ১০৬ ৰান সংগ্ৰহ কৰে অলি পোপে । হেৰী ব্ৰুক মাত্ৰ এটা ৰাণৰ বাবে শতক বঞ্চিত হয় । ব্ৰুকে ১১২টা বলৰ সন্মুখীন হৈ ১১টা চাৰি আৰু দুটা ছয় কোবাই । অ’পেনাৰ বেন ডাকেটেও (৯৪ বলত ৬২ ৰান) অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় । ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৫টা উইকেট দখল কৰে । প্ৰসিদ্ধ কৃষ্ণই তিনিটা, মহম্মদ চিৰাজে দুটা সফলতা লাভ কৰে । উইকেট পতন : ৪-১ (জেক ক্ৰ’লি, ০.৬ অভাৰ), ১২৬-২ (বেন ডাকেট, ২৮.৩ অভাৰ), ২০৬-৩ (জো ৰুট, ৪৬.৩ অভাৰ), ২২৫-৪ (অলি পোপ, ৫১.১ অভাৰ), ২৭৬-৫, (বেন ষ্ট’কছ, ৬৪.৫ অভাৰ), ৩৪৯-৬ (জেমি স্মিথ, ৭৯.৩ অভাৰ), ৩৯৮-৭ (হেৰী ব্ৰুক, ৮৭.৩ অভাৰ), ৪৫৩-৮ (ব্ৰাইডন কাৰ্ছ, ৯৪.৫ অভাৰ), ৪৬০-৯ (ক্ৰিছ ৱ’কেছ, ৯৮.৫ অভাৰ), ৪৬৫-১০ (জোছ টংগে, ১০০.৪ অভাৰ) ।

লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

শেহতীয়া প্ৰৱন্ধসমূহ