City center

মহানগৰীৰ City center ত হাহাকাৰ; চিকেন নুডলছত ওলাল ‘গো মাংস’

City center ত নুডলছত ওলাল ‘গো মাংস’ গুৱাহাটী মহানগৰীৰ City center ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শ্বপিং মলটোত থকা K -Food Antina নামৰ বিপনীখনত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। জানিব পৰা মতে দিপাংকাৰ দাস , হীৰকজ্যোতি তালুকদাৰ আৰু এগৰাকী মহিলাই বিপনীখনত খাইছিল কোৰিয়ান নুডলছ। কিন্তু

City center ত নুডলছত ওলাল ‘গো মাংস’

গুৱাহাটী মহানগৰীৰ City center ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শ্বপিং মলটোত থকা K -Food Antina নামৰ বিপনীখনত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো।

জানিব পৰা মতে দিপাংকাৰ দাস , হীৰকজ্যোতি তালুকদাৰ আৰু এগৰাকী মহিলাই বিপনীখনত খাইছিল কোৰিয়ান নুডলছ।

কিন্তু সেই নুডলছৰ সোৱাদ কিছু সলনি হোৱাত তেওঁলোকে কোৰিয়া ভাষাত নুডলছৰ পেকেটৰ সকলো তথ্য মোবাইলত অনুবাদ কৰিছিল।

তেতিয়াহে তেওঁলোকে জানিব পাৰিলে যে কোৰিয়ান নুডলছটোত আছিল গো মাংস। তাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

কিন্তু মহানগৰীৰ মাজমজিয়াত থকা অভিজাত শ্বপিং মলৰ ভিতৰত ‘গো মাংস’ অবাধ বেহাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো।

লগতে পঢ়ক: ‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ