এয়াৰ হোষ্টেছ হোৱাৰ সপোন দেখিছে নেকি
যদি আপোনাৰ সপোন এয়াৰ হোষ্টেছ হোৱাৰ তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে উপযোগী হ’ব পাৰে । এই প্ৰতিবেদনত আপোনালোকক ক’ম আপুনি এয়াৰ হোষ্টেছ হ’বলৈ কি পাঠ্যক্ৰম কৰিব লাগিব, কি কি শাৰীৰিক সক্ষতা থাকিব লাগিব আৰু এয়াৰ হোষ্টেছৰ দৰমহা কিমান ?
কি পঢ়িব লাগিব ?
শিক্ষাৰ কথা ক’বলৈ গ’লে এয়াৰ হোষ্টেছ হ’বলৈ হ’লে ইণ্টাৰমিডিয়েটৰ পিছত এভিয়েশ্যনত স্নাতক ডিগ্ৰী ল’ব লাগিব । এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব লাগিব । অধ্যয়নৰ পিছত এয়াৰ হোষ্টেছ ট্ৰেইনিং স্কুলৰ পৰা ট্ৰেইনিং ল’ব লাগিব । ইয়াৰ উপৰিও আপুনি এয়াৰ হোষ্টেছ ট্ৰেইনিং, কেবিন ক্ৰু, এয়াৰলাইনছ হস্পিটেলিটি, এভিয়েশ্যন মেনেজমেণ্ট, হস্পিটেলিটি আৰু ট্ৰেভেল মেনেজমেণ্ট, এয়াৰলাইন পেচেঞ্জাৰ চাৰ্ভিচ ইত্যাদিৰ চাৰ্টিফিকেট কোৰ্চ বা ডিপ্লমাও কৰিব পাৰে ।
শাৰীৰিক মাপকাঠী কি ?
শিক্ষাগত অৰ্হতাৰ লগতে শাৰীৰিক মাপকাঠীও থাকিব লাগিব । এই পেচাত নিজকে নিযুক্ত কৰিবলৈ হ’লে আপোনাৰ বয়স ১৭ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগে । একে সময়তে উচ্চতা কমেও পাঁচ ফুট দুই ইঞ্চি হ’ব লাগে আৰু আপুনি শাৰীৰিকভাৱে সুস্থ হ’ব লাগে । ইয়াৰ উপৰিও এই পেচাত নিৰ্বাচনৰ পূৰ্বে ফিটনেছ টেষ্টত চকুৰ দৃষ্টিশক্তি পৰীক্ষা কৰা হয় । দৃষ্টিশক্তি দুৰ্বল সকলে এই চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে ।
এগৰাকী এয়াৰ হোষ্টেছৰ দৰমহা কিমান ?
উল্লেখ্য যে, মাজে মাজে এয়াৰ হোষ্টেছৰ নিযুক্তি এয়াৰলাইনত ওলাই থাকে । এনে পৰিস্থিতিত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে এয়াৰ হোষ্টেছৰ বাবে আবেদন কৰিব পাৰে । এয়াৰ হোষ্টেছৰ বাবে প্ৰাৰ্থীয়ে প্ৰথমে লিখিত পৰীক্ষা দিব লাগিব, তাৰ পিছত গ্ৰুপ ডিচকাশ্যন আৰু তাৰ পিছত ব্যক্তিগত সাক্ষাৎকাৰ দিব লাগিব । ইয়াৰ ভিত্তিত বাছনি কৰা হয় । দৰমহাৰ কথা ক’বলৈ গ’লে এগৰাকী এয়াৰ হোষ্টেছৰ আৰম্ভণিৰ দৰমহা ৪৫ৰ পৰা ৫০ হাজাৰ টকা, যিটো অভিজ্ঞতাৰ লগে লগে বৃদ্ধি পায় ।
লগতে পঢ়ক : আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়