ইৰাণৰ ছাইদ ইজাদীক হত্যা
ইৰাণৰ ইছফাহান পাৰমাণৱিক স্থান আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচীত ইজৰাইলৰ বৃহৎ আক্ৰমণ কৰা হৈছে। ইয়াৰ লগতে ইৰাণী ৰিভল্যুচনেৰী গাৰ্ডছৰ কুদছ ফৰ্চৰ পেলেষ্টাইন বিভাগৰ মুৰব্বী ছাইদ ইজাদীক ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হত্যা কৰিছে।
ইৰাণৰ ক’ম চহৰৰ এটা এপাৰ্টমেণ্টত ইজৰাইলৰ আক্ৰমণত ইজাদী নিহত হোৱা বুলি আইডিএফে প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এই কথা নিশ্চিত কৰিছে।
কোন আছিল ছাইদ ইজাদী
ইজৰাইল কাটজে কৈছিল যে, ইজাদীয়ে “২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা গণহত্যাৰ পূৰ্বে হামাছক ধন আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিছিল।”
তেওঁ লগতে কয়, ‘ইজৰাইলৰ চোৰাংচোৱা সংস্থা আৰু বায়ুসেনাৰ বাবে এইটো এক ডাঙৰ কৃতিত্ব।নিহত ইজৰাইলী আৰু পণবন্দীসকলৰ বাবে এয়া ন্যায়।”
কাটজে কৰিলে দাবী
কাটজে চলিত বৰ্ষৰ আৰম্ভণিতে এটা চোৰাংচোৱা তথ্য উদঙাই দিছিল, য’ত দাবী কৰা হৈছিল যে ২০২১ চনৰ জুন মাহত তেতিয়াৰ হামাছৰ নেতা ইয়াহ্যা সিনৱাৰ আৰু মহম্মদ ডেইফে ইৰাণৰ কুদছ বাহিনীৰ মুৰব্বী ইছমাইল কানীলৈ এখন চিঠি প্ৰেৰণ কৰিছিল।
য’ত ইজৰাইল আক্ৰমণ কৰাৰ পৰিকল্পনাৰ বাবে সমৰ্থন বিচৰা হৈছিল।অৱশেষত ২০২৩ চনৰ ৭ অক্টোবৰত এই পৰিকল্পনা কাৰ্যকৰী কৰা হয়।
কাটজে ক’লে, “এই নথিখনত হামাছৰ নেতাসকলে ইজৰাইলক ধ্বংস কৰিবলৈ ইৰাণৰ কুডছ বাহিনীৰ অধিনায়কৰ পৰা ৫০ কোটি ডলাৰ দাবী কৰিছে।”
লগতে পঢ়ক: ‘ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ বাবে আমি ক্ৰেডিট বা নোবেল বঁটা নাপাওঁ’; পুনৰ আৱেগিক ডনাল্ড ট্ৰাম্প