ডনাল্ড ট্ৰাম্পে ল’ব সিদ্ধান্ত
ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে এতিয়া সকলোৰে দৃষ্টি আমেৰিকাৰ ওপৰত নিবদ্ধ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ২ সপ্তাহৰ ভিতৰত যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব।
ডনাল্ড ট্ৰাম্পৰ উদ্ধৃতিৰে হোৱাইট হাউছৰ মুখপাত্ৰই কয় যে দুসপ্তাহৰ ভিতৰত এই সিদ্ধান্ত লোৱা হ’ব। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ দাবী আলোচনাৰ জৰিয়তে পূৰণ কৰিব পৰাৰ সম্ভাৱনা এতিয়াও ডনাল্ড ট্ৰাম্পে দেখিছে।
প্ৰেছ সচিব কেৰ’লিন লেভিটে কৰা এই ঘোষণাই ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণক সতৰ্ক কৰি দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে।
লেভিটে ডনাল্ড ট্ৰাম্পৰ উদ্ধৃতি দি কয়, ‘অদূৰ ভৱিষ্যতে ইৰাণৰ সৈতে আলোচনা হ’ব বা নহ’ব বুলি যুক্তিসংগত সম্ভাৱনা আছে আৰু আক্ৰমণ কৰিব নে নকৰে সেই বিষয়ে বিবেচনা কৰি, অহা দুসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত সিদ্ধান্ত লম।”
আমি এই যুঁজেৰে বিশ্বৰ চেহেৰা সলনি কৰিম – নেতান্যাহু
একে সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এক সাক্ষাৎকাৰত কয় যে ইজৰাইলে পাব পৰা যিকোনো সহায় তেওঁ আদৰণি জনায়।
এই যুঁজৰ জৰিয়তে তেওঁ বিশ্বৰ মুখ সলনি কৰিব বুলি কয় নেতান্যাহুৱে। ইফালে এই যুদ্ধত নতুন টুইষ্ট আহি থকা যেন লাগে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাক এই যুদ্ধত জড়িত নহ’বলৈ সকীয়াই দিছে। ইফালে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণক গৰিহণা দিছে।
ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ সমৰ্থনত হিজবুল্লাহ
২০ জুন শুকুৰবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধই অষ্টম দিনত ভৰি দিয়ে। দুয়োফালৰ পৰা ইখন দেশে সিখন দেশৰ ওপৰত বিমান আক্ৰমণ বন্ধ নোহোৱাকৈ অব্যাহত আছে।তাৰ মাজতে ইৰাণৰ সমৰ্থনত নামিল হিজবুল্লাহ।
ইৰাণ-ইজৰাইল যুদ্ধৰ সৈতে জড়িত হোৱাৰ সন্দৰ্ভত হিজবুল্লাহৰ মুৰব্বীগৰাকীয়ে কয় যে ‘আমি যিদৰে উপযুক্ত বুলি বিবেচনা কৰিম তেনেদৰেই কাম কৰিম।’
অৰ্থাৎ গোটটোৱে এতিয়াও নিজৰ কাৰ্ড প্ৰকাশ কৰা নাই।ইজৰাইল আৰু আমেৰিকাৰ সৈতে হোৱা ষ্টেণ্ডঅফত ইৰাণক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল হিজবুল্লাহৰ উপ-নেতা শ্বেইখ নাইম কাছিমে।
বৃহস্পতিবাৰে দিয়া ভাষণত কাছেমে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক শান্তিপূৰ্ণ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্যৰে আখ্যা দিয়ে।
তেওঁ দাবী কৰে যে ইৰাণৰ বিশ্বব্যাপী বিৰোধিতা ইয়াৰ পাৰমাণৱিক উচ্চাকাংক্ষাৰ পৰা নহয় বৰঞ্চ নিপীড়িতক শক্তিশালী কৰা “বিশ্বাস, জ্ঞান আৰু স্বাধীনতা”ৰ ওপৰত ইয়াৰ স্থিতিৰ পৰাই উদ্ভৱ হৈছে।
লগতে পঢ়ক: পুনৰ ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ; বাজি উঠিছে চাইৰেন