উদ্ধৱ থাকৰে

‘নিজৰ বাবে নেতা চুৰি কৰিব লগা হৈছে’; বিজেপি আৰু শিৱসেনাক আক্ৰমণ উদ্ধৱ থাকৰেৰ

শিৱসেনাক আক্ৰমণ উদ্ধৱ থাকৰেৰ শিৱসেনা উদ্ধৱ বালাছাহেব থাকৰে (ইউ বি টি)য়ে বুধবাৰে মুম্বাইৰ সন্মানীয় শনমুখানন্দ প্ৰেক্ষাগৃহত দলৰ প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰেৰে উদযাপন কৰে। কাৰ্যসূচীত উদ্ধৱ থাকৰে, আদিত্য থাকৰে, সঞ্জয় ৰাউতকে ধৰি বিশিষ্ট দলৰ নেতাসকল উপস্থিত থাকে। এই উপলক্ষে উদ্ধৱ থাকৰে বিজেপি আৰু সিন্দে ফৈদৰ ওপৰত

শিৱসেনাক আক্ৰমণ উদ্ধৱ থাকৰেৰ

শিৱসেনা উদ্ধৱ বালাছাহেব থাকৰে (ইউ বি টি)য়ে বুধবাৰে মুম্বাইৰ সন্মানীয় শনমুখানন্দ প্ৰেক্ষাগৃহত দলৰ প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰেৰে উদযাপন কৰে।

কাৰ্যসূচীত উদ্ধৱ থাকৰে, আদিত্য থাকৰে, সঞ্জয় ৰাউতকে ধৰি বিশিষ্ট দলৰ নেতাসকল উপস্থিত থাকে। এই উপলক্ষে উদ্ধৱ থাকৰে বিজেপি আৰু সিন্দে ফৈদৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

বিজেপি আৰু শিন্দে ফৈদক লক্ষ্য কৰি উদ্ধৱে কয় যে তেওঁলোকে নিজৰ বাবে নেতা চুৰি কৰিবলগীয়া হৈছে।

২০২২ চনত শিৱসেনাত বিভাজন ঘটিছিল।শিৱসেনা আৰু দলৰ নিৰ্বাচনী প্ৰতীক একনাথ সিন্দেৰ ফৈদক দিয়াত উদ্ধৱ থাকৰে নতুন দল শিৱসেনা (ইউ বি টি) গঠন কৰে।

যুদ্ধবিৰতিক সমালোচনা উদ্ধৱ থাকৰে

তেওঁ বিজেপি নেতাসকলে সেনাৰ শক্তি দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে। পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ সিদ্ধান্তক সমালোচনা কৰিছে উদ্ধৱে।

তেওঁ ভাৰতীয় সেনাৰ ভৰি বান্ধি ৰখাৰ অভিযোগ উত্থাপন কৰিছে। উদ্ধৱে অপাৰেচন সিন্দুৰৰ বিষয়ে কয়- “তেওঁলোকে বহুত ভাল নাম দিছে কিন্তু ঘৰে ঘৰে গৈ সেন্দূৰ বিতৰণ কৰা নহয়, দুৰ্নীতি হে বিয়পাব।”

হিন্দী বনাম মাৰাঠী সন্দৰ্ভত কি ক’লে?

ইয়াৰ উপৰিও তেওঁ মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰক হিন্দী বনাম মাৰাঠী বিষয়ত সমালোচনা কৰিছে।এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে বলপূৰ্বকভাৱে হিন্দী জাপি দিবলৈ চেষ্টা কৰিছে।

তেওঁ লগতে কয় যে যদি আপুনি হিন্দী কঠোৰভাৱে জাপি দিব বিচাৰে তেন্তে গুজৰাটলৈ গৈ কৰক, মহাৰাষ্ট্ৰত তেওঁলোকে অনুমতি নিদিয়ে।

ৰাজ থাকৰেৰ সৈতে মিত্ৰতা সন্দৰ্ভত তেওঁ কি ক’লে?

ৰাজ থাকৰেৰ সৈতে সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভতো বিবৃতি দিছে থাকৰে।তেওঁ ক’লে- “ৰাইজৰ মনত যি আছে সেয়াই হ’ব।

কিন্তু মাৰাঠী মানুসকলে যাতে একত্ৰিত নহয় তাৰ বাবে ধনী মানুহৰ সেৱকসকলে হোটেলত সভা পাতিছে।বিএমচিত কেৱল শিৱসেনাৰ (ইউবিটি) কেশৰ পতাকা উৰিব।”

উদ্ধৱ থাকৰে বিজেপি আৰু সিন্দে শিৱসেনাক প্ৰত্যাহ্বান জনাই কয়-“যদি মোক মাৰিব বিচাৰে তেন্তে আহক, মোক মাৰিবলৈ আহক, কিন্তু এম্বুলেন্স এখন আনিব। অহাৰ সময়ত সুস্থ হৈ আহিব, কিন্তু যাব  এম্বুলেন্সত লাগিব।”

লগতে পঢ়ক: ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা; কোনে কোনে পালে দায়িত্ব ?

শেহতীয়া প্ৰৱন্ধসমূহ