শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ

শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ; লিডছত পুনৰ দলত যোগ দিলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে

শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলে সকাহ লাভ কৰিছে । কিয়নো মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে পুনৰবাৰ দলত যোগদান কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচ আৰু তাৰ মাত্ৰ দুদিন পূৰ্বে গম্ভীৰ

শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলে সকাহ লাভ কৰিছে । কিয়নো মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে পুনৰবাৰ দলত যোগদান কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচ আৰু তাৰ মাত্ৰ দুদিন পূৰ্বে গম্ভীৰ দলত যোগদান কৰিছে । দলটোৰ সৈতে গম্ভীৰ ইংলেণ্ডত উপস্থিত হৈছিল যদিও পাৰিবাৰিক জৰুৰীকালীন অৱস্থাৰ বাবে ১১ জুনত ঘৰলৈ উভতি আহিবলগীয়া হৈছিল ।

১১ জুনত ঘৰলৈ উভতিছিল গম্ভীৰ-

গম্ভীৰৰ মাতৃক হাৰ্ট এটেকৰ বাবে হাস্পতলাত ভৰ্তি কোৰোৱা হৈছিল, যাৰ বাবে ভাৰতীয় মুখ্য প্ৰশিক্ষকগৰাকীয়ে ঘৰলৈ উভতি আহিব লগা হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক সূত্ৰই জনাইছিল যে গম্ভীৰৰ মাতৃ এতিয়া ভালেই আছে আৰু তেওঁক শীঘ্ৰে হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব । গম্ভীৰে এতিয়া দলত যোগদান কৰিছে আৰু অন্যান্য প্ৰশিক্ষক কৰ্মচাৰীৰ সৈতে দলৰ প্ৰস্তুতিৰ তদাৰক কৰিব ।

২০০৭ চনৰ পিছত ইংলেণ্ডত টেষ্ট শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ-

গম্ভীৰ অনুপস্থিতিত সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’শ্বেট, বেটিং প্ৰশিক্ষক সীতাংশু কোটাক আৰু বলিং প্ৰশিক্ষক মৰ্ণ মৰ্কেলে পাঁচখনীয়া মেচৰ শৃংখলাৰ পূৰ্বে দলৰ প্ৰস্তুতিৰ তদাৰক কৰে । শুভমন গীল নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলটোৱে ২০০৭ চনৰ পিছত ইংলেণ্ডত প্ৰথমখন শৃংখলা জয় কৰিবলৈ খেলপথাৰত নামিব । টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে ইণ্ট্ৰা স্কোয়াড মেচত অংশগ্ৰহণ কৰাৰ বিপৰীতে ইণ্ডিয়া এ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধেও দুখন বেচৰকাৰী টেষ্ট মেচ খেলিছিল ।

ভাৰতে আৰম্ভ কৰিব WTC ৰ নতুন চক্ৰ-

এই শৃংখলাৰ জৰিয়তে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰম্ভ কৰিব । ৰোহিত শৰ্মাৰ ঠাইত টেষ্ট ফৰ্মেটত শুভমন গীলৰ অধিনায়কত্বত দলটোৱে খেলিব । ইংলেণ্ড ভ্ৰমণ গম্ভীৰ আৰু গীলৰ বাবে কঠিন হ’বলৈ গৈ আছে । কিছুদিনৰ পৰা ভাৰতৰ টেষ্ট প্ৰদৰ্শন উন্নত নহয় আৰু নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন টেষ্ট শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । যিকোনো ছিৰিজৰ পূৰ্বে ইন্ট্ৰা স্কোয়াড বা প্ৰেকটিছ মেচ দলৰ প্ৰস্তুতিৰ বাবে গুৰুত্বপূৰ্ণ । ভাৰতীয় দলটোৱে ইণ্ট্ৰা স্কোৱাড মেচখন খালী ষ্টেডিয়ামত খেলিবলৈ বাছি লৈছিল যাতে বিপক্ষ দলে দলৰ কৌশলৰ তথ্য লাভ কৰিব নোৱাৰে ।

লগতে পঢ়ক : মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা; ভাৰত-পাকিস্তানৰ মাজত এইটো দিনত অনুষ্ঠিত হ’ব মেচ