আৰম্ভ হ’ল অপাৰেচন সিন্ধু
ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে অপাৰেচন সিন্ধু আৰম্ভ কৰিছে । অপাৰেচন সিন্ধুৰ অধীনত ইৰাণত থকা হাজাৰ হাজাৰ ভাৰতীয় নিৰাপদে দৈশলৈ ঘূৰি অহাটো নিশ্চিত কৰা হৈছে । ইৰাণৰ পৰা ভাৰতলৈ অনা প্ৰথমটো ছাত্ৰ-ছাত্ৰীৰ দল বৃহস্পতিবাৰে পুৱা ভাৰতত উপস্থিত হয় । প্ৰথম দলটোত ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বহিঃৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষা চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ । ইৰাণত ৪ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকে বসবাস কৰি আছে আৰু ইয়াৰে আধা সংখ্যক শিক্ষাৰ্থী ।
ইৰাণৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে তাত আবদ্ধ হৈ থকা ১১০ জন ভাৰতীয় নাগৰিকক নিৰাপদে ভাৰতলৈ অনা হয় । সকলোকে লৈ এখন বিশেষ বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰে । শিক্ষাৰ্থীসকল নিৰাপদে ভাৰতত উপস্থিত হোৱাৰ পিছতে আনন্দিত তথা স্বস্তিৰ নিশ্বাস পেলাই অভিভাৱক আৰু আত্মীয়ই । এই প্ৰচেষ্টাৰ বাবে তেহৰাণস্থিত ভাৰতীয় দূতাৱাসক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে ।
ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় দূতাবাসে তেহৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, ইছলামিক আজাদ বিশ্ববিদ্যালয় আৰু ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছিল । ছাহিদ বেহেষ্টী চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক কুম চহৰলৈ প্ৰেৰণ কৰা হয় । মঙলবাৰেও শিৰাজ ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্স আৰু ইছফাহান ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ প্ৰক্ৰিয়া অব্যাহত থাকে ।
ভাৰতীয়সকলে তেহৰাণ এৰি যোৱাৰ পৰামৰ্শ-
ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয়সকলক তেহৰাণ এৰি যাবলৈ পৰামৰ্শ দিয়ে । পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাতায়তৰ মাধ্যম থকা আন ভাৰতীয় বাসিন্দাসকলেও মহানগৰ এৰি যাব লাগে বুলি মন্ত্ৰালয়ে কয় । ইৰাণত থকা ভাৰতীয় দূতাবাসে এটা ছ’চিয়েল মিডিয়া পোষ্টযোগে জনাইছিল যে যিসকল ভাৰতীয় নাগৰিক আৰু পি আই অ’ই নিজৰ সম্পদেৰে তেহৰাণৰ পৰা বাহিৰলৈ যাব পাৰে তেওঁলোকক চহৰৰ বাহিৰৰ কোনো নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।
লগতে পঢ়ক : টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প; ক’লে-‘মধ্যস্থতা গ্ৰহণ কৰা নাছিলো আৰু নকৰো’