শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

আহমেদাবাদ ট্ৰেজেদী : শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট কেপ্তেইন সুমিত সভাৰৱালক মঙলবাৰে মুম্বাইত এক শোকাকুল পৰিৱেশত অন্তিম বিদায় জনোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃয়ে পুত্ৰ সুমিতক আৱেগিক বিদায় দিয়ে । সভাৰৱালৰ মৃতদেহ আহমেদাবাদৰ পৰা মুম্বাইলৈ অনাৰ কেইঘণ্টামান

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট কেপ্তেইন সুমিত সভাৰৱালক মঙলবাৰে মুম্বাইত এক শোকাকুল পৰিৱেশত অন্তিম বিদায় জনোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃয়ে পুত্ৰ সুমিতক আৱেগিক বিদায় দিয়ে । সভাৰৱালৰ মৃতদেহ আহমেদাবাদৰ পৰা মুম্বাইলৈ অনাৰ কেইঘণ্টামান পিছতে উপনগৰ চাকলাৰ এক শ্মশানত পৰিয়ালৰ লোকৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

৫৬ বছৰীয়া প্ৰবীণ পাইলটজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পিছত প্ৰায় ১১.১৫ বজাত তেওঁৰ পিতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্য শ্মশানৰ পৰা ওলাই যায় । ইয়াৰ পূৰ্বে পুৱা সভাৰৱালৰ মৃতদেহ কঢ়িয়াই অনা কফিনটো বিমানেৰে মুম্বাই বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পিছত পৰিয়ালৰ লোকে পৱাই অঞ্চলৰ জল বায়ু বিহাৰত থকা তেওঁৰ বাসগৃহলৈ লৈ যায় ।

সভাৰৱালৰ বহু বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন আৰু স্থানীয় বাসিন্দা তেওঁৰ বাসগৃহৰ বাহিৰত সমবেত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সুমিত সভাৰৱালৰ পিতৃকে ধৰি অন্যান্য আত্মীয়ই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই ।

উল্লেখ্য যে, ১২ জুনত আহমেদাবাদত ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমান এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা এজন যাত্ৰীৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়, আনহাতে মাটিত থকা আন ২৯ জনৰো মৃত্যু হয় ।

ইফালে মহাৰাষ্ট্ৰৰ ৰায়গড়ত আহমেদাবাদ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলক শেষ বিদায় দিয়া হয় । আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া যাত্ৰীবাহী বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলৰ মৃতদেহ নভা গাঁৱৰ বাসগৃহলৈ অনা হয় । বৃহৎ সংখ্যক লোক তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় ।

লগতে পঢ়ক : DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

শেহতীয়া প্ৰৱন্ধসমূহ