ৰাজ্যিক মৰ্যদাৰে বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীক সোমবাৰে ৰাজকোটত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হৈছিল । ৰাজকোটৰ ৰামনাথপাৰা শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বহু সংখ্যক লোক সমবেত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় ।
সোমবাৰে পুৱা মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীৰ মৃতদেহ গাৰ্ড অৱ অনাৰসহ পৰিয়ালৰ হাতত অর্পণ কৰা হয় ৷ ৰূপানীৰ মৃতদেহ ইমানেই জ্বলি গৈছিল যে চিনাক্ত কৰিব পৰা নগ’ল, সেয়ে দেওবাৰে তেওঁৰ মৃতদেহ আত্মীয়ৰ ডি এন এৰ নমুনাৰ সৈতে মিলাই চিনাক্ত কৰা হয় । ইয়াৰ পিছতে মৃতদেহটো ৰাজকোটলৈ অনা হয় । মৃতদেহটো ৰূপানীৰ বাসগৃহ পাওঁতে পথৰ দুয়োকাষে শাৰী পাতি থিয় হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৰাইজে ।
ৰূপানীৰ সমৰ্থকে পুষ্প বৰ্ষণেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেন্দ্রীয় জলশক্তি মন্ত্রী তথা গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিল, ৰাজ্যপাল আচাৰ্য দেৱভ্রত, মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলকে ধৰি বহু নেতাই ৰূপানীক তেওঁৰ বাসগৃহত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সন্ধিয়া ৫ বজাৰ পৰা ৰূপানীৰ বাসগৃহৰ পৰাই তেওঁৰ শেষ যাত্ৰা আৰম্ভ হৈছিল । এই যাত্ৰাত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে । শেষ যাত্ৰা ৰাজকোটৰ বিভিন্ন পথেৰে পাৰ হৈ ৰামনাথপাৰা শ্মশানত উপস্থিত হয় । ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক : পুনৰ অসুস্থ ছোনিয়া গান্ধী; গংগাৰাম হাস্পতালত ভৰ্তি