ক’লা জামুৰ উপকাৰিতা
ক’লা জামু সকলোৱে চিনি পাই। ক’লা জামু বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় ফলটো।
সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা। আছে বহু স্বাস্থ্যকৰ গুণাগুণ। গ্ৰীষ্মকালত উপলব্ধ পুষ্টিদায়ক ফলবোৰৰ ভিতৰত অন্যতম ক’লা জামু।
ই অতি সুস্বাদু হোৱাৰ লগতে ইয়াৰ বহু স্বাস্থ্য উপকাৰিতা আছে। এই দিনকেইটাত এই ফলবিধ খাই আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰখাত বহুখিনি অৰিহনা যোগাব পাৰে।
এইবিধ ফলত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মৰ দিনবোৰত ই আমাৰ শৰীৰক অধিক সতেজ কৰি ৰখাৰ লগতে শক্তিও প্ৰদান কৰে।
নিয়মীয়াকৈ এই ফল খালে ই পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখে। ই পেট সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাতো সহায় কৰে।
ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে আমাৰ শৰীৰক ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। এইবিধ ফল খোৱাৰ ফলত হিট ষ্ট্ৰ’ক, চৰ্দি আদি সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি।
(এই লেখনিটোত দিয়া তথ্যসমূহ কেৱল পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)
লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন