মিচেল ষ্টাৰ্ক আইচিচিৰ ফাইনেলৰ নতুন বাদশ্বাহ
অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকে ডব্লিউ টি চিৰ ফাইনেলত বলৰ সৈতে এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে।বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল ২০২৫ ৰ প্ৰথম দিনটোত দুটা উইকেট দখল কৰি আই চি চি টুৰ্ণামেণ্টৰ ফাইনেলত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় মিচেল ষ্টাৰ্ক।
মিচেল ষ্টাৰ্কে ভাৰতৰ বেগী বলাৰ মহম্মদ শ্বামীৰ অভিলেখ ভংগ কৰিছে।প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ২১২ ৰানত বল আউট হোৱাৰ পিছত যেতিয়া দক্ষিণ আফ্ৰিকাৰ আৰম্ভণিৰ যুটিটোৱে ইনিংছ আৰম্ভ কৰিবলৈ ওলাই আহিছিল তেতিয়া কোনেও ভবা নাছিল যে ষ্টাৰকে প্ৰথম অভাৰতে উইকেট লোৱাৰ কৃতিত্ব লাভ কৰিব।
অষ্ট্ৰেলিয়াৰ হৈ বলিং মুকলি কৰি মিচেলে প্ৰথম অভাৰৰ ষষ্ঠ বলতে আইডেন মাৰ্কৰামৰ পেভিলিয়ানলৈ ৰাস্তা মুকলি কৰে। মাৰ্ক্ৰামে নিজৰ খাটা খুলিবই পৰা নাছিল।
ইয়াৰ কিছু সময়ৰ পাছতে ষ্টাৰকে ওপেনাৰ ৰিয়ান ৰিকেলটনৰ উইকেটটোও দখল কৰে।ষ্টাৰকে ৫ম অভাৰত ১৬ ৰানৰ ব্যক্তিগত স্ক’ৰত ৰিকলটনক আউট কৰে। এইদৰে ষ্টাৰক আইচিচিৰ ফাইনেলত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।
মহম্মদ শ্বামীৰ অভিলেখ ভংগ
এতিয়ালৈকে আইচিচি প্ৰতিযোগিতা (ডব্লিউ টি চি, এদিনীয়া ডব্লিউ চি, টি-২০ ডব্লিউ চি আৰু চেম্পিয়নছ ট্ৰফী) ফাইনেলত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ আছিল মহম্মদ শ্বামী।
কিন্তু ষ্টাৰকে মহম্মদ শ্বামীক পিছ পেলাই এই অভিলেখ তেওঁৰ নামত কৰে।ডব্লিউ টি চি ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত ২টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
আইচিচিৰ ফাইনেলত শ্বামীয়ে দহটা উইকেট দখল কৰিছে।এতিয়া মিচেলে আইচিচিৰ ফাইনেলত ১১টা উইকেট দখল কৰাৰ মহান কৃতিত্ব অৰ্জন কৰিছে।
লগতে পঢ়ক: চৰকাৰৰ নতুন সতৰ্কবাণী; ফোনত কথা পাতি থকাৰ সময়ত বন্ধ কৰি ৰাখক ইণ্টাৰনেট