পুনৰ পিছুৱাই দিয়া হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ (এক্সিয়াম-৪) উৎক্ষেপণ বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে । স্পেচএক্সে এই কথা ঘোষণা কৰিছে । স্পেচএক্সে জনোৱা মতে, স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ লিক মেৰামতিৰ বাবে অভিযন্তাসকলে অধিক সময় বিচাৰিছে । ‘ষ্টেটিক ফায়াৰ’ পৰীক্ষাৰ পিছত বুষ্টাৰ পৰিদৰ্শনৰ সময়ত লিকুইড অক্সিজেন (LOx) লিক ধৰা পৰাৰ পিছতে মিছনত পিছুৱাইৰ দিয়াৰ সিদ্ধান্ত লোৱা হয় ।
স্পেচএক্সে টুইট কৰি কয় যে পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা এল অ’ এক্স লিক মেৰামতি কৰিবলৈ অভিযন্তাসকলক অতিৰিক্ত সময় দিয়াৰ বাবে ফেলকন ৯ৰ এক্স-৪ৰ মহাকাশ কেন্দ্ৰলৈ উৎক্ষেপণ পিছুৱাই দিয়া হৈছে । স্পেচএক্সে কয় যে এতিয়া মেৰামতিৰ পিছত আমি অতি সোনকালে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিম ।
ইয়াৰ পূৰ্বে ৯ জুনত এই অভিযান ১১ জুনলৈ পিছুৱাই দিয়া হৈছিল । তাৰ পিছত ইছৰোৱে ইয়াৰ কাৰণ হিচাপে বেয়া বতৰ বুলি উল্লেখ কৰিছিল । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা এক বিবৃতিত কৈছিল যে, “আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাবলগীয়া এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ কাম ১০ৰ পৰিৱৰ্তে ১১ জুনলৈ পিছুৱাই দিয়া হৈছে ।”
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয়-
এই অভিলাষী অভিযানৰ অধীনত ভাৰতে অতি সোনকালে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে । ভাৰতৰ শুভাংশু শুক্লা এতিয়া মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা তেওঁ হ’ব প্ৰথম ভাৰতীয় । এই অভিযান আমেৰিকাৰ মহাকাশ অভিযান কোম্পানী এক্সিয়াম স্পেচ আৰু নাছাৰ সহযোগত সম্পন্ন কৰা হৈছে । লগতে এই অভিযানত ইলন মাস্কৰ স্পেচএক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
লগতে পঢ়ক : DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক! নিৰ্মাণ কৰিছে শত্ৰুক নিমিষতে ধ্বংস কৰিব পৰা মিছাইল