প্ৰকৃতিৰ ক্ৰোধ
ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশ সময়ে সময়ে প্ৰকৃতিৰ ক্ৰোধৰ বলি হৈ আহিছে । ভাৰতত ২০১৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বান, ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৩.২ কোটি লোকে নিজৰ দেশতে নিজৰ বাসস্থান সলনি কৰিবলৈ বাধ্য হৈছে । প্ৰকৃতিৰ ক্ৰোধৰ বলি হৈ নিজৰ দেশত স্থানচ্যুত হোৱা লোকৰ এই সংখ্যা বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক । এই ধৰণৰ জনসংখ্যাৰ স্থানান্তৰৰ ক্ষেত্ৰত চীন প্ৰথম আৰু ফিলিপাইনছ দ্বিতীয় । বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে জেনেভাস্থিত আভ্যন্তৰীণ স্থানান্তৰ নিৰীক্ষণ কেন্দ্ৰৰ (আই ডি এম চি) শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ।
প্ৰতিবেদন অনুসৰি ২০১৫-২৪ চনৰ ভিতৰত ২১০খন দেশৰ মুঠ ২৬.৪৮ কোটি লোকে প্ৰাকৃতিক দুৰ্যোগৰ বাবে স্থানান্তৰৰ সন্মুখীন হ’বলগীয়া হৈছিল । এইদৰে দুৰ্যোগৰ বাবে ঘৰ এৰি যোৱাসকলৰ ভিতৰত পূব আৰু দক্ষিণ এছিয়াৰ লোক আছিল সৰ্বাধিক । যদি বিশ্বৰ দেশৰ স্তৰত স্থানান্তৰৰ কথা চোৱা যায়, তেন্তে বিগত ১০ বছৰত বাংলাদেশ, চীন, ভাৰত, ফিলিপাইনছ আৰু আমেৰিকাত আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোকৰ সংখ্যা সৰ্বাধিক দেখা গৈছে । এই তালিকাত চীনে ৪.৬৯ কোটি স্থানচ্যুত লোকৰ সৈতে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ফিলিপাইনছ ৪.৬১ কোটি লোকৰ স্থানচ্যুতিৰে দ্বিতীয় স্থানত আছে ।
২০২৪ত বিশ্বজুৰি ৪৫.৮ মিলিয়ন লোক হৈছিল স্থানচ্যুত-
আই ডি এম চিৰ প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে যদি বৰ্তমানৰ জলবায়ুৰ পৰিস্থিতি অব্যাহত থাকে তেন্তে ভৱিষ্যতে নদী আৰু সাগৰীয় বান, খৰাং আৰু ঘূৰ্ণীবতাহৰ দৰে দুৰ্যোগৰ বাবে প্ৰতি বছৰে গড়ে ৩ কোটি ২০ লাখ লোক স্থানচ্যুত হ’ব পাৰে । এই বিপদ ১০০% বৃদ্ধি পাব পাৰে ।
কেৱল ২০২৪ চনতে সমগ্ৰ বিশ্বতে ৪.৫৮ কোটি লোকে প্ৰকৃতিৰ ক্ৰোধৰ বাবে ঘৰ এৰি যাবলগীয়া হৈছিল । আজিলৈকে এইটোৱেই হৈছে সৰ্বাধিক স্থানান্তৰৰ পৰিসংখ্যা । বিগত ১০ বছৰত গড় ২.৬৫ কোটিৰ তুলনাত এয়া বহু বেছি । ভাৰতত ২০২৪ চনত বান, ধুমুহা আৰু অন্যান্য দুৰ্যোগৰ বাবে ৫৪ লাখ লোকক স্থানান্তৰ কৰিবলগীয়া হৈছিল আৰু এই সংখ্যা ১২ বছৰৰ ভিতৰত সৰ্বাধিক ।
আগন্তুক ১০ বছৰত দক্ষিণ এছিয়াৰ দেশসমূহত হ’ব গৰমৰ প্ৰকোপ : বিশ্ব বেংক
দক্ষিণ এছিয়াৰ দেশসমূহে আগন্তুক দশকত তীব্ৰ উত্তাপৰ সন্মুখীন হ’ব পাৰে । ফ্ৰম ভলনেৰবিলিটি টু ৰেজিলিয়েন্স: হেল্পিং পিপল এণ্ড ফাৰ্মছ এডাপ্ট ইন চাউথ এছিয়া শীৰ্ষক এই প্ৰতিবেদনত বিশ্ব বেংকে সকীয়াই দিছে যে দক্ষিণ এছিয়াত বতৰৰ দ্ৰুত বৃদ্ধিৰ সন্মুখীন হৈছে । বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে মঙলবাৰে প্ৰকাশ কৰা বিশ্ব বেংকৰ এই প্ৰতিবেদন অনুসৰি ২০৩০ চনৰ ভিতৰত প্ৰায় ৯০% জনসংখ্যাই গৰমৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দক্ষিণ এছিয়াৰ চৰকাৰসমূহে নীতি সংস্কাৰৰ জৰিয়তে মানুহ আৰু ব্যৱসায়ীসকলক চৰম বতৰৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে । দক্ষিণ এছিয়া অঞ্চলৰ বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ ফ্ৰান্সিস্কা অহনছৰ্গে কয় যে ব্যক্তিগত খণ্ডই সম্পূৰ্ণৰূপে খাপ খাই পৰিলে অঞ্চলটোৰ জলবায়ুৰ সম্ভাৱ্য ক্ষতিৰ এক তৃতীয়াংশ এৰাই চলিব পৰা যাব ।
লগতে পঢ়ক : প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোন; আজি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস