ঋষভ পণ্টৰ বিস্ফোৰক শতক
আই পি এল কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰিছে ঋষভ পণ্টে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত তেওঁ ৫৪টা বলত শতক সম্পূৰ্ণ কৰে । ইয়াৰ জৰিয়তে আই পি এলত এল এছ জিৰ হৈ আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পণ্টৰ এয়া দ্বিতীয়টো শতক, যাৰ বাবে তেওঁ ২৫৭৪ দিন অপেক্ষা কৰিবলগীয়া হৈছিল । পণ্টে শতক সম্পূৰ্ণ হোৱালৈ নিজৰ ইনিংছত ১০টা চাৰি আৰু ৬টা বিশাল ছয় কোবাই ।
আৰ চি বিৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে চলিত আই পি এলত ঋষভ পন্টৰ ১২ টা ইনিংছত মাত্ৰ ১৫১ ৰানহে আহিছে । বেংগালুৰুৰ বিৰুদ্ধে মেচখনত তৃতীয় স্থানত বেটিং কৰিবলৈ আহিছিল পণ্ট । তেওঁ মিচেল মাৰ্ছৰ সৈতে ১৫২ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল । ইয়াৰ পিছত তেওঁ নিকোলাছ পুৰাণৰ সৈতে ৪৯ ৰান সংযোজন কৰে । ৬১টা বলত ১১৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে পণ্ট, এই ইনিংছত তেওঁ ১১টা চাৰি আৰু ৮টা ছয় কোবাই ।
২৫৭৪ দিনৰ পিছত শতক-
২০১৮ চনৰ ১০ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলত ঋষভ পণ্টে প্ৰতিযোগিতাখনৰ প্ৰথমটো শতক অৰ্জন কৰিছিল । কিন্তু ইয়াৰ পিছত ২৫৭৪ দিন পাৰ হৈ গ’ল আৰু অৱশেষত প্ৰায় ৭ বছৰ অপেক্ষা কৰাৰ অন্তত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে পন্ট । এই শতকটো অতি বিশেষ কাৰণ আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ২০২৫ চনৰ আই পি এলত পণ্টৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৬৩ ৰান আৰু এতিয়ালৈকে তেওঁ ছিজনটোত মাত্ৰ এটাহে অৰ্ধ শতক কৰিছে ।
এল এছ জিৰ বাবে আটাইতকৈ দ্ৰুততম শতক-
এতিয়ালৈকে এল এছ জিৰ হৈ দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ আছিল কে এল ৰাহুলৰ নামত, যিয়ে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনত ৫৬টা বলত শতক সম্পূৰ্ণ কৰিছিল । এতিয়া ঋষভ পণ্টে ৫৪টা বলত শতক অৰ্জন কৰি নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
ঋষভ পন্ত- ৫৪ বল
কে এল ৰাহুল- ৫৬ বল
মাৰ্কাছ ষ্টয়নিছ- ৫৬ বল
মিচেল মাৰ্ছ- ৫৬ বল
কুইণ্টন ডি কক- ৫৯ বল
ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ঋষভ পন্টৰ অধিনায়কত্বত থকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । উল্লেখ্য যে, যে এল এছ জিয়ে ২৭ কোটি টকাত পণ্টক নিলামত ক্ৰয় কৰিছিল যদিও চলিত ছিজনত তেওঁৰ প্ৰদৰ্শনে অনুৰাগীক হতাশ কৰি তোলাৰ লগতে বেটছমেনজনক চোকা সমালোচনা কৰিছিল । অৱশ্যে চলিত ছিজনৰ দলৰ অন্তিমখন মেচত তেওঁ অপৰাজিত শতক অৰ্জন কৰি ফৰ্মলৈ ঘূৰি অহাৰ ইংগিত দিয়াৰ লগতে সমালোচনাৰো উত্তৰ দিয়ে । ইফালে জুনত ইংলেণ্ড ভ্ৰমণ কৰিবলগা ভাৰতীয় টেষ্ট দললৈ নিৰ্বাচিত হৈছে ঋষভ পন্ট । দলৰ সহ-অধিনায়কৰ দায়িত্ব হৈছে তেওঁক । এই টেষ্ট শৃংখলাৰ পূৰ্বে বিস্ফোৰক বেটছমেনগৰাকী ফৰ্মলৈ ঘূৰি অহাটো ভাৰতীয় দলৰ বাবে আশা ব্যঞ্জক খবৰ ।
লগতে পঢ়ক : ‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান… বি চি চি আইৰ উদ্যোগত ভাৰতীয় সেনাৰ বাবে বিশেষ অনুষ্ঠান