হৰভজন সিঙে
শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে শুভমন গীলক নিযুক্তি দিয়াৰ বিপৰীতে ঋষভ পন্ত উপ-অধিনায়ক হয়।অহা মাহত ইংলেণ্ড ভ্ৰমণৰ জৰিয়তে নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ হ’ব।
ভাৰতীয় প্রাক্তন স্পিনাৰ হৰভজন সিঙে কয় যে বিৰাট কোহলী আৰু ৰোহিত শর্মাৰ অনুপস্থিতিত নতুন টেষ্ট অধিনায়ক শুভমন গীলে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব, কিন্তু যুৱ দলটোৰ ইমান সোনকালে মূল্যায়ন কৰা উচিত নহয়৷
হৰভজনে গীলক অধিনায়ক হিচাপে নিৰ্বাচিত হোৱাক আদৰণি জনায় যদিও সন্মুখত বহু প্ৰত্যাহ্বান আছে বুলি কয়।হৰভজনে কয়, “ফ্ৰেঞ্চাইজি ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰা শুভমন গীলৰ দৰে যুৱ অধিনায়ক থকাটো নিশ্চিতভাৱে এক ডাঙৰ পদক্ষেপ”।
“কিন্তু ই এক কঠিন ভ্ৰমণ হ’ব।ইংলেণ্ড কেতিয়াও সহজ ভ্ৰমণ নাছিল। এইটো এটা যুৱ দল।ইয়াত বিৰাট কোহলী বা ৰোহিত শৰ্মা নাই, হঠাৎ সেই দলটোত এটা ডাঙৰ শূন্যতা আহি পৰিছে আৰু সেইটোও পূৰণ কৰিব লাগিব, গতিকে শুভমনে সাৱধানে খোজ দি আগবাঢ়িব লাগিব”।
হৰভজনে কয় যে গীলৰ দলটোক সময় দিব লাগিব।তেওঁ কয়, “মই মানুহক এইটোও ক’ব বিচাৰো যে এই ভ্ৰমণ তেওঁলোকৰ বাবে অনুকূল নহ’লেও তেওঁলোকে বেছি সোনকালে বিচাৰ আৰম্ভ কৰিব নালাগে”।
“তেওঁলোকে জয়ী নহ’লেও কোনো কথা নাই কাৰণ তেওঁলোকে ইয়াৰ পৰা শিকিব।এই ভ্ৰমণলৈ যোৱা সকলো খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব বুলি মোৰ বিশ্বাস।”
লগতে পঢ়ক:‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ