সুনীল শেট্টী
কিছু সময়ৰ পৰা হেৰা ফেৰি ৩ য়ে চৰ্চা লাভ কৰি আহিছে।যেতিয়াৰে পৰা অভিনেতা পৰেশ ৰাৱালে ছবিখন এৰি যোৱাৰ খবৰ ওলোৱাৰ পিছৰে পৰা অনুৰাগীৰ হৃদয় ভাগিছে।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সুনীল শেট্টী য়ে ‘হেৰা ফেৰী ৩’ৰ কথা উল্লেখ কৰিছিল।কেৱল অনুৰাগীয়েই নহয়, আনকি পৰেশ ৰাৱালে কিয় এনে কৰিলে সেয়া বুজিব পৰা নাই বুলি সুনীল শ্বেট্টী য়ে কয়।
সুনীল শেট্টী য়ে কয় যে যেতিয়া তেওঁ, অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালে পৰিচালক প্ৰিয়াদৰ্শনৰ সৈতে ‘হেৰা ফেৰী ৩’ৰ প্ৰমো শ্বুটিং কৰি আছিল, তেতিয়া তেওঁ সেই একেই এনাৰ্জি দেখিছিল যি ২৫ বছৰ আগতে ‘হেৰা ফেৰী’ৰ সময়ত আছিল। সুনীল শেট্টী য়ে এই সময় খিনিৰ বাবে পৰিচালকৰ চিন্তা-চৰ্চা আৰু বুজাবুজিৰ প্ৰশংসা কৰে।
সুনীল শেট্টী য়ে কয়, ‘আমি শেহতীয়াকৈ হেৰা ফেৰী ৩ৰ প্ৰমো শ্বুট কৰিলোঁ।এই সময়ছোৱাত মই গম পোৱা নাছিলো যে আমি তিনিওজনে প্ৰিয়দৰ্শন জীৰ সৈতে ২৫ বছৰৰ পিছত হেৰা ফেৰী বনাই আছিলো’।
‘আমি চেন্নাইত প্ৰথম হেৰা ফেৰীৰ শ্বুটিং কৰি আছিলো।তাতে প্ৰিয়দৰ্শন জীয়ে আমাৰ কাপোৰত বোকা লগাই দিছিল।আমাৰ কাপোৰ ইস্ত্ৰী কৰিবলৈও দিয়া নহ’ল’।
‘এটা দৃশ্যৰ টেকৰ মাজতে তেওঁ মোক মজিয়াত বাতৰি কাকত এখন মেলি শুবলৈ কৈছিল।বাৰে বাৰে আমাক মেক-আপ কৰাত বাধা দিছিল’ বুলিও সুনীল শেট্টী য়ে কয়।
পৰেশ ৰাৱালে হঠাতে ‘হেৰা ফেৰী ৩’ এৰি যোৱাৰ পিছত সুনীল শেট্টী য়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ কয় যে এই খবৰ পাই তেওঁ যথেষ্ট স্তম্ভিত হৈ পৰিছিল।
কেৱল অনুৰাগীৰ বাবেই নহয় অক্ষয় কুমাৰ, পৰেশ ৰাৱাল আৰু সুনীল শেট্টী ৰ বাবেও ছবিখন অতি বিশেষ আছিল।২৪ মে’ৰ পিছত পৰেশ ৰাৱালক লগ কৰি ছবিখন এৰি যোৱাৰ কাৰণ সুধিব বুলিও অভিনেতা গৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে কয়, ‘এইটো মোৰ বাবে এটা শ্বক যেন আছিল।কেৱল মোৰ বাবেই নহয় অক্ষয়, পৰেশ, তেওঁলোকৰ পৰিয়াল, অনুৰাগী আৰু মোৰ সন্তানৰ বাবেও আটাইতকৈ ডাঙৰ উত্তেজনা আছিল হেৰা ফেৰী ৩’।
‘মোৰ ল’ৰা আহানে মোলৈ নিউজ কাটিং পঠিয়াই মোক সুধিলে পাপা কি হ’ল?কিয় তেওঁ ছবিখন এৰিলে? মই ২৩ মে’ৰ পিছত মুম্বাইলৈ গৈ তেওঁৰ লগত কথা পাতিম।কি হ’ল নাজানো’।
‘সকলো ঠিকেই চলি আছিল।ৰাজু, শ্যাম বা বাবু ৰাওৰ চৰিত্ৰত আন কোনো অভিনেতাকে কল্পনা কৰিব নোৱাৰিম বুলি মই নাভাবো। গতিকে বাবু ৰাওৰ অবিহনে এয়া অসম্ভৱ’।
লগতে পঢ়ক: প্ৰীতি জিন্টাই দিলে উদাৰতাৰ পৰিচয়; শ্বহীদৰ পৰিয়াললৈ ১.১০ কোটি টকাৰ অনুদান