অনুষ্কা-বিৰাটৰ পূজা

কপালত চন্দনৰ তিলক,হাতত হনুমানজী; ১০০০ বছৰ পুৰণি মন্দিৰত অনুষ্কা-বিৰাটৰ পূজা

অনুষ্কা-বিৰাটৰ পূজা টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত বৰ্তমান সময়ত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ভক্তিত নিমগ্ন হৈ থকা দেখা গৈছে। তেওঁলোকে ভগৱানৰ দুৱাৰত উপস্থিত আশীৰ্বাদ লৈছে। শেহতীয়াকৈ কোহলী আৰু অনুষ্কাই বৃন্দাবনৰ সন্ত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমলৈ গৈ তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰে। এতিয়া আই পি এলৰ

অনুষ্কা-বিৰাটৰ পূজা

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত বৰ্তমান সময়ত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ভক্তিত নিমগ্ন হৈ থকা দেখা গৈছে। তেওঁলোকে ভগৱানৰ দুৱাৰত উপস্থিত আশীৰ্বাদ লৈছে।

শেহতীয়াকৈ কোহলী আৰু অনুষ্কাই বৃন্দাবনৰ সন্ত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমলৈ গৈ তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰে। এতিয়া আই পি এলৰ ব্যস্ততাৰ মাজতে ২৫ মে’ত পত্নী অনুষ্কা শৰ্মাৰ সৈতে ৰাম নগৰী অযোধ্যাত উপস্থিত হয়। প্ৰায় ১০০০ বছৰ পুৰণি হনুমান গড়ী মন্দিৰত অনুষ্কা-বিৰাটে পূজা কৰে।

ডিঙিত মালা, কপালত ত্ৰিপুণ্ড আৰু হাতত হনুমানজী লৈ ভক্তিত নিমগ্ন হৈ পৰা দেখা গ’ল বিৰাট কোহলী।তেওঁৰ পত্নী অনুষ্কাৰ সৈতে মন্দিৰত বহু সময় কটায়, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বৰ্তমান সময়ত মন্দিৰে মন্দিৰে অনুষ্কা-বিৰাটৰ পূজা কৰা ভিডিঅ’ সঘনাই দেখিবলৈ পোৱা গৈছে।

আই পি এল লীগৰ খেলৰ বাবে কিছুদিন লক্ষ্ণৌত থাকিব বিৰাট কোহলী।২৭ মে’ত লক্ষ্ণৌতেই আয়োজক দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখন অনুষ্ঠিত হ’ব।

ইফালে তেওঁলোকে ৪ দিনৰ জিৰণি পোৱাত বিৰাট আৰু অনুষ্কা অযোধ্যাত উপস্থিত হয়।হনুমান গড়ী মন্দিৰত উপস্থিত হৈ ভগৱানৰ দৰ্শন লৈ অনুষ্কা-বিৰাটে পূজা অৰ্চনা কৰে ।

হনুমানগড়ীৰ পুৰোহিতে হনুমানগড়ী মন্দিৰত চলচ্চিত্ৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক দৰ্শন আৰু পূজা প্ৰদান কৰে।

লগতে পঢ়ক: তেজ প্ৰতাপ যাদৱৰ ওপৰত লালু যাদৱৰ এক্সন: ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ