আজি আই পি এলত দিল্লী-মুম্বাইৰ যুঁজ...

আজি আই পি এলত দিল্লী-মুম্বাইৰ যুঁজ… মেচত জয়ী হ’লে প্লে অফত প্ৰৱেশ কৰিব এম আই, ডি চিৰ বাবে জটিল সমীকৰণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৩ সংখ্যক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন প্লে অফৰ বাবে আটাইতকৈ কঠিন বুলি বিবেচিত হৈছে । প্ৰকৃততে প্লে অফত মাত্ৰ এটা স্থান বাকী আছে আৰু ইয়াৰ বাবে মাত্ৰ দুই প্ৰতিদ্বন্দ্বী আছে,

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৩ সংখ্যক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন প্লে অফৰ বাবে আটাইতকৈ কঠিন বুলি বিবেচিত হৈছে । প্ৰকৃততে প্লে অফত মাত্ৰ এটা স্থান বাকী আছে আৰু ইয়াৰ বাবে মাত্ৰ দুই প্ৰতিদ্বন্দ্বী আছে, এটা মুম্বাই আৰু আনটো দল দিল্লী কেপিটেলছ । এই মেচত যি দলেই জয়ী নহওক কিয়, প্লে অফলৈ যোৱাৰ পথ প্ৰায় স্পষ্ট হৈ পৰিব ।

সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়ে । ইয়াৰ পিছত এতিয়া কেৱল মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু দিল্লী কেপিটেলছ (ডি চি)য়েহে চূড়ান্ত প্লে অফৰ স্থান নিশ্চিত কৰাৰ সুযোগ লাভ কৰিছে । ইতিমধ্যে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছে নকআউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিছে ।

যদিহে দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় তেন্তে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ব । যদি দিল্লীয়ে মুম্বাইক পৰাস্ত কৰে কিন্তু তাৰ পিছত পাঞ্জাব কিংছৰ হাতত পৰাস্ত হয়, তেন্তে তেওঁলোকৰ প্লে অফলৈ যোৱাটো নিৰ্ভৰ কৰিব পঞ্জাৱৰ বিৰুদ্ধে মুম্বাই পৰাস্ত হয় নে নহয় তাৰ ওপৰত । মুঠৰ ওপৰত ২১ মে’ত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনে প্লে অফৰ অন্তিম স্থান নিৰ্ণয় কৰিব ।

পইন্ট তালিকাৰ শেহতীয়া অৱস্থান-

বৰ্তমান মুম্বাই ইণ্ডিয়ানছে ১৪ পইণ্ট আৰু দিল্লী কেপিটেলছে ১৩ পইণ্ট লাভ কৰিছে । দুয়োটা দলে নিজৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে যদিও ঘৰুৱা খেলপথাৰ আৰু শেহতীয়া প্ৰদৰ্শনৰ বাবে এম আইৰ সামান্য সুবিধা আছে বুলি বিবেচিত হৈছে । যদি মুম্বাই জয়ী হয় তেন্তে ১৬ পইণ্টেৰে ই দিল্লীত কৈ যথেষ্ঠ আগবাঢ়িব । আনহাতে দিল্লীয়ে বাকী দুয়োখন মেচতে জয়ী হ’ব লাগিব– দ্বিতীয়খন মেচ ২৪ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷

যদিও অন্তিমখন মেচত মুম্বাই গুজৰাটৰ হাতত পৰাস্ত হৈছিল, তাৰ পূৰ্বে একেৰাহে ছখন মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ আটাইতকৈ বিপজ্জনক দলৰ ভিতৰত স্থান দখল কৰিছিল দলটোৱে । এই মেচখনত জয়লাভ কৰি এম আইয়ে প্লে অফত প্ৰৱেশ কৰিব বিচাৰিব, আনহাতে পৰাজয়ৰ ক্ষেত্ৰত ডি চি আৰু পি বি কে এছৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।

এই মেচখনত সকলোৰে দৃষ্টি ৰোহিত শৰ্মাৰ ওপৰত থাকিব কাৰণ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত এইখনেই হ’ব তেওঁৰ প্ৰথমখন মেচ । দিল্লীৰ আশা বহুলাংশে কে এল ৰাহুলৰ ওপৰত নিৰ্ভৰশীল, যিয়ে গুজৰাটৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল যদিও দলটো ১০ উইকেটত পৰাস্ত হৈছিল । ষ্টাৰ্কৰ ঠাইত মুস্তাফিজুৰ ৰহমানে মিতব্যয়িতাৰে বলিং কৰিছিল যদিও বলিঙৰ ক্ষেত্ৰত দিল্লীৰ দুৰ্বলতা উন্মোচিত হৈছিল ।

দিল্লীয়ে ছিজনটো দৰ্শনীয়ভাৱে আৰম্ভ কৰিছিল– প্ৰথম ছখন মেচৰ ভিতৰত পাঁচখন মেচত জয়ী হৈছিল দলটো । কিন্তু তাৰ পিছত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ অভিযান ট্ৰেকৰ বাহিৰলৈ যায় ।

শেহতীয়া প্ৰৱন্ধসমূহ