এই খেলপথাৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল...

এই খেলপথাৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল… প্লে অফৰো স্থান ঘোষণা

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ফাইনেল সন্দৰ্ভত প্ৰকাশ পাইছে এটা ডাঙৰ আপডেট । শেহতীয়া সূচী অনুসৰি এতিয়া ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেইবাখনো বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে ১

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ফাইনেল সন্দৰ্ভত প্ৰকাশ পাইছে এটা ডাঙৰ আপডেট । শেহতীয়া সূচী অনুসৰি এতিয়া ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেইবাখনো বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে ১ জুনত আহমেদাবাদত কোৱালিফায়াৰ ২ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ।

অৱশ্যে প্লে অফৰ প্ৰথম দুখন মেচ অৰ্থাৎ কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ- ক্ৰমে ২৯ মে’ আৰু ৩০ মে’ত নিউ চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হ’ব । এই স্থানসমূহ বাছনি কৰাৰ ক্ষেত্ৰত বি চি চি আইৰ বাবে প্ৰধান বিবেচনা আছিল বতৰৰ পৰিস্থিতি, কিয়নো দেশত বাৰিষাৰ বতৰ আৰম্ভ হৈছে । পূৰ্বৰ সূচী অনুসৰি আই পি এল ২০২৫ৰ ফাইনেল খেল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব লাগিছিল যদিও এতিয়া ইয়াক সলনি কৰা হৈছে ।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ বাবে বি চি চি আইয়ে আই পি এল ২০২৫ এক সপ্তাহৰ বাবে স্থগিত ৰাখিছিল । ইয়াৰ পিছত ১৭ মে’ৰ পৰা পুনৰ লীগ আৰম্ভ হয় । ইয়াৰ বাবে বি চি চি আইয়ে সূচী সলনি কৰিবলগীয়া হৈছিল । এতিয়া ২৫ মে’ৰ পৰিৱৰ্তে ৩ জুনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল ।

নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম যাৰ আসনৰ ক্ষমতা ১ লাখ ৩২ হাজাৰ । ইয়াৰ পূৰ্বেও ই আই পি এলৰ গুৰুত্বপূৰ্ণ মেচ এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ২০২২ চনত গুজৰাট টাইটানছে এই ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ২০২৩ চনত বৰষুণৰ বাবে ফাইনেল দুদিন ধৰি হৈছিল, তেতিয়াও নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইয়াৰ আয়োজক আছিল । তেতিয়া মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে গুজৰাটক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰে ।

লক্ষ্ণৌলৈ স্থানান্তৰ হ’ল আৰ চি বিৰ মেচ-

দক্ষিণ ভাৰতৰ প্ৰতিকূল বতৰৰ বাবে আই পি এলে ২৩ মে’ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে ঘৰুৱা চূড়ান্ত খেলখন লক্ষ্ণৌলৈ স্থানান্তৰিত কৰিছে । ফলত আৰ চি বিয়ে এতিয়া ২৩ আৰু ২৭ মে’ত একনা ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আৰু লীগৰ অন্তিমখন মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলিব ।

আই পি এল ২০২৫ প্লে অফৰ সূচী-

কোৱালিফায়াৰ ১: ২৯ মে’, মুলনপুৰ, নিউ চণ্ডীগড়

এলিমিনেটৰ : ৩০ মে’, মুলনপুৰ, নিউ চণ্ডীগড়

কোৱালিফায়াৰ ২: ১ জুন, আহমেদাবাদ

ফাইনেলঃ ৩ জুন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ

শেহতীয়া প্ৰৱন্ধসমূহ