ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ফাইনেল সন্দৰ্ভত প্ৰকাশ পাইছে এটা ডাঙৰ আপডেট । শেহতীয়া সূচী অনুসৰি এতিয়া ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কেইবাখনো বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে ১ জুনত আহমেদাবাদত কোৱালিফায়াৰ ২ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ।
অৱশ্যে প্লে অফৰ প্ৰথম দুখন মেচ অৰ্থাৎ কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ- ক্ৰমে ২৯ মে’ আৰু ৩০ মে’ত নিউ চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হ’ব । এই স্থানসমূহ বাছনি কৰাৰ ক্ষেত্ৰত বি চি চি আইৰ বাবে প্ৰধান বিবেচনা আছিল বতৰৰ পৰিস্থিতি, কিয়নো দেশত বাৰিষাৰ বতৰ আৰম্ভ হৈছে । পূৰ্বৰ সূচী অনুসৰি আই পি এল ২০২৫ৰ ফাইনেল খেল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব লাগিছিল যদিও এতিয়া ইয়াক সলনি কৰা হৈছে ।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ বাবে বি চি চি আইয়ে আই পি এল ২০২৫ এক সপ্তাহৰ বাবে স্থগিত ৰাখিছিল । ইয়াৰ পিছত ১৭ মে’ৰ পৰা পুনৰ লীগ আৰম্ভ হয় । ইয়াৰ বাবে বি চি চি আইয়ে সূচী সলনি কৰিবলগীয়া হৈছিল । এতিয়া ২৫ মে’ৰ পৰিৱৰ্তে ৩ জুনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল ।
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম যাৰ আসনৰ ক্ষমতা ১ লাখ ৩২ হাজাৰ । ইয়াৰ পূৰ্বেও ই আই পি এলৰ গুৰুত্বপূৰ্ণ মেচ এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ২০২২ চনত গুজৰাট টাইটানছে এই ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ২০২৩ চনত বৰষুণৰ বাবে ফাইনেল দুদিন ধৰি হৈছিল, তেতিয়াও নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইয়াৰ আয়োজক আছিল । তেতিয়া মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে গুজৰাটক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰে ।
লক্ষ্ণৌলৈ স্থানান্তৰ হ’ল আৰ চি বিৰ মেচ-
দক্ষিণ ভাৰতৰ প্ৰতিকূল বতৰৰ বাবে আই পি এলে ২৩ মে’ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে ঘৰুৱা চূড়ান্ত খেলখন লক্ষ্ণৌলৈ স্থানান্তৰিত কৰিছে । ফলত আৰ চি বিয়ে এতিয়া ২৩ আৰু ২৭ মে’ত একনা ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আৰু লীগৰ অন্তিমখন মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলিব ।
আই পি এল ২০২৫ প্লে অফৰ সূচী-
কোৱালিফায়াৰ ১: ২৯ মে’, মুলনপুৰ, নিউ চণ্ডীগড়
এলিমিনেটৰ : ৩০ মে’, মুলনপুৰ, নিউ চণ্ডীগড়
কোৱালিফায়াৰ ২: ১ জুন, আহমেদাবাদ
ফাইনেলঃ ৩ জুন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ