আই পি এল প্লে অফৰ বাবে নিশ্চিত ৩ টা দল...

আই পি এল প্লে অফৰ বাবে স্থান নিশ্চিত ৩ টা দলৰ… চতুৰ্থ স্থানৰ বাবে দিল্লী-মুম্বাইৰ যুঁজ

১৯ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে পৰাজয়ৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এল-২০২৫ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা ৫ম দল হিচাপে পৰিগণিত হয় । ইতিমধ্যে এই প্লেটফৰ্মৰ বাবে গুজৰাট টাইটানছ (জি টি), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু পঞ্জাব কিংছ

১৯ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে পৰাজয়ৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এল-২০২৫ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা ৫ম দল হিচাপে পৰিগণিত হয় । ইতিমধ্যে এই প্লেটফৰ্মৰ বাবে গুজৰাট টাইটানছ (জি টি), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু পঞ্জাব কিংছ (পি বি কে এছ)য়ে তিনিটা স্থান বুকিং কৰিছে ।

প্লে অফৰ অন্তিম স্থান মুম্বাই ইণ্ডিয়ানছ বা দিল্লী কেপিটেলছে লাভ কৰিব । বুধবাৰে (২১ মে’) দুয়োটা দলে গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব, যিখন ১৭ মে’ত আই পি এল পুনৰ আৰম্ভ হোৱাৰ পিছত এম আইৰ প্ৰথমখন মেচ হ’ব ।

মুম্বাই ইণ্ডিয়ানছ (চতুৰ্থ স্থান): মেচ: ১২, পইণ্ট: ১৪, নেট ৰান ৰেট: ১.১৫৬

বাকী থকা মেচসমূহঃ দিল্লী কেপিটেলছ (ঘৰুৱা), পঞ্জাব কিংছ (জয়পুৰ)

দিল্লী কেপিটেলছ (পঞ্চম): মেচ: ১২, পইণ্ট: ১৩, নেট ৰান ৰেট: ০.২৬০

বাকী খেলসমূহঃ এম আই (ৱাংখেড়ে ষ্টেডিয়াম), পঞ্জাব কিংছ (জয়পুৰ)

যদিহে মুম্বাই ইণ্ডিয়ানছ দিল্লীৰ হাতত পৰাস্ত হয় তেন্তে ১৪ পইণ্ট থকাৰ বিপৰীতে দিল্লীৰ হাতত ১৫ পইণ্ট থাকিব আৰু অন্তিম প্লে অফৰ স্থানৰ যুঁজ পঞ্জাব কিংছৰ বিৰুদ্ধে লীগৰ অন্তিমখন খেলত অনুষ্ঠিত হ’ব ।

যদিহে দিল্লীয়ে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি তাৰ পাছত ২৪ মে’ত জয়পুৰত পঞ্জাব কিংছক পৰাস্ত কৰে তেন্তে দলটোৱে ১৭ পইণ্টেৰে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু মুম্বাই দল বাহিৰ হ’ব । যি সৰ্বোচ্চ ১৬ পইণ্ট লাভ কৰিব পাৰে ।

কিন্তু যদি দিল্লী কেপিটেলছ দলে মুম্বাইক পৰাস্ত কৰি ১৫ পইণ্ট লাভ কৰে, কিন্তু পাঞ্জাব কিংছৰ হাতত পৰাস্ত হয়, তেন্তে মুম্বাই ইণ্ডিয়ানছে ১৬ পইণ্টেৰে যোগ্যতা অৰ্জন কৰিব পাৰে । আনহাতে ২৬ মে’ত জয়পুৰত যদি পঞ্জাব কিংছক পৰাস্ত কৰে তেন্তে দিল্লী কেপিটেলছক বাহিৰ কৰিব পাৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ